অসম

গোৱৰ্ধনাত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে গাহৰিৰ পোৱালি বিতৰণ

প্ৰথম খবৰ, বৰপেটাৰোড: দেশৰ কৃষক সকলৰ যাতে আয় দুগুণ বৃদ্ধি কৰিব পাৰি তাৰ বাবে বেংগালুৰৰ আই চি এ আৰয়ে ২০১৫ – ১৭ বৰ্ষৰ ট্ৰাইবেল চাব প্লেনৰ অধিনত এলানী কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ ভিতৰত অন্যতম হৈছে কৃষক সকলক কৃষি কাৰ্যৰ লগতে গাহৰি পালন কৰি আৰ্থিকভাৱে লাভবান হোৱা।

এই আঁচনিৰ অধীনতে অসম কৃষি বিশ্ববিদ্যালয়ৰ পশুপালন বিভাগ সঞ্চালকালয়ে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু মানস ইকো ডেভেলপমেন্ট সমিতিৰ সহযোগত বৰপেটা জিলাৰ উত্তৰাঞ্চলৰ গামাৰীগুৰীত এক কাৰ্যসূচী ৰূপায়ন কৰিছে। আজি এই উপলক্ষে গোৱৰ্ধনাত এখনি সভা অনুষ্ঠিত হয়। মানস ইকো ডেভেলপমেণ্ট সমিতিৰ সম্পাদক ৰাজু বড়োৱে আদৰণি ভাষণ আগবঢ়োৱা সভাখনিত খানাপাৰাৰ পশু পালন বিভাগৰ ড: শৈলেন কুমাৰ দাসে গাহৰি পালনৰ বিভিন্ন দিশৰ লগতে কেনেকৈ গাহৰি পালন কৰি কৃষক সকলে আয় দুগুণ কৰিব পাৰে তাৰ ওপৰত বহলাই ব্যাখ্যা কৰে।

সভাত পশুপালন বিভাগৰ গৱেষণা শাখাৰ সঞ্চালক ডাঃ অপূৰ্ব কুমাৰ চক্ৰৱৰ্তীয়ে বৈজ্ঞানিক ভাৱে কৰা গাহৰি পালনৰ ওপৰৰ বিশদ বক্তব্য আগবঢ়ায় । বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ অৰূপ কুমাৰ ডেকাই শলাগৰ শৰাই অগবঢ়ায়। সভাখনিৰ পিছতে ডঃ কে এম বেজবৰুৱা , মানস ইকো ডেভেলপমেন্ট সমিতিৰ সভাপতি সন্তোষ মুছাহাৰীয়ে গামাৰীগুৰী গাঁৱৰ ৩৫ জন পুৰুষ আৰু মহিলা কৃষকৰ মাজত ৭০ টা গাহৰি পোৱালীৰ লগতে গাহৰিৰ খাদ্য আৰু ঔষধ বিতৰণ কৰে। সভাখনিত অঞ্চলটোৰ ভালেমান বড়ো সম্প্ৰদায়ৰ কৃষকৰ লগতে মহিলা অংশ গ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Close