অসম

চণ্ডালীকা’, ‘চিত্ৰাঙ্গদা’ গীতি নাট্য-গুৰুজনাৰ সত্যীয়া নৃত্যৰ মহাসমন্বয়ৰে মঞ্চায়ন

বিশ্বনাথ চাৰিআলিৰপৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘চণ্ডালীকা’ আৰু ‘চিত্ৰাঙ্গদা’ গীতি নাট্য আৰু গুৰুজনাৰ সত্ৰীয় নৃত্যৰ মহাসমন্বয়ৰে বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হৈ যায় ৷ অসমৰ নৃত্য জগতত পোন প্ৰথম বাৰৰ বাবে বিশ্বনাথ চাৰিআলিত নৃত্যৰ জংকাৰৰে সন্মোহিত কৰিলে বিশ্বনাথ চাৰিআলিৰে অন্যতম নৃত্যানুষ্ঠান নৃত্যাঞ্জলি কলা নিকেতনে ‘বৰ্ণম’ আৰু ‘শব্দম’ নামৰ দুটি অগ্ৰনীয় অনুষ্ঠানৰ সহযোগত।

ভাৰত নাট্যমৰ বিশাৰদ গোপাল কৃষ্ণ গোস্বামীয়ে আৰু দণ্ডাধীশ প্ৰাঞ্জল দাসে বন্তি প্রজ্বলনৰ শুভাৰম্ভ কৰা ‘চণ্ডালীকা’ আৰু ‘চিত্ৰাঙ্গদা’ গীতি নৃত্য প্ৰত্যক্ষ কৰি দৰ্শক ৰাইজে জাউৰী জাউৰীয়ে হাত চাপৰিৰে প্ৰসংশা কৰে। ১৯৩২ চনতে ৰচিত ৰবীন্দ্ৰনাথৰ ‘চণ্ডালীকা’ আৰু ‘চিত্ৰাঙ্গদা’ দুয়োখন গীতি নাটেই দৰ্শকৰ হৃদয় পৰষা মনোমোহাকৈ উপস্থাপন কৰা হৈছে। সত্ৰীয়াৰ স্নাতকোত্তৰ নিত্যাঞ্জলীৰ অধ্যক্ষ তথা বি এল এড কলেজৰ পৰিৱেশ কলাৰ অধ্যাপক অংকুমণি কপিলৰ পৰিচালনাত ‘চণ্ডালীকা’ আৰু ‘চিত্ৰাঙ্গদা’ গীতি নাট্য ৰইজক আপ্লুত কৰে।

চণ্ডালিকাৰ চৰিত্ৰত আদ্ৰিতা পৰাশৰ মহন্ত, মাকৰ চৰিত্ৰত নিবেদিতা ভড়ালী, খাৰুৱালাৰ চৰিত্ৰত ভাস্কৰ শইকীয়া, দৈ ৱালাৰ চৰিত্ৰত প্ৰাঞ্জল প্ৰতিম দাস, অনুচৰৰ চৰিত্ৰত দেবানন্দ ভূঞা আৰু চিএংগদাৰ কুৰুপা চৰিত্ৰত ঝতু তৃষ্ণা কৃষ্ণাএেয় ,সুৰূপা চৰিত্ৰত আদ্ৰিকা পৰাশৰ মহন্ত, মদনৰ চৰিত্ৰত ৰঞ্জন বৰাই আৰু পৰিচালক অংকুমণি কপিলে অৰ্জুনৰ চৰিত্ৰৰে সফলভাৱে নৃত্য নাটিকাখনি সোণত সুৱগা চৰাই ৷ ৰাইজৰ সহায় সহযোগিতাৰে সফল মঞ্চায়ন হোৱাৰ বাবে নৃত্যাঞ্জলিৰ পৰিচালন সঞ্চালক ডাঃ লোহিত শৰ্মাই ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

 

Related Articles

Leave a Reply

Close