অসম

চিচিবৰগাঁৱত সাংবাদিক, আৰক্ষী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ অভিযানত  নাৰী ব্যৱসায়ী চক্ৰ উৎখাত

প্ৰথম খবৰ, চিচিবৰগাঁও: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেইজনমান সদস্যৰ গোপন তথ্যৰ ভিত্তিত সাংবাদিক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য আৰু চিচিবৰগাঁও আৰক্ষীৰ যৌথ অভিযানত যোৱা ২৯ ছেপ্তেম্বৰত আটক কৰিবলৈ সক্ষম হয় নাৰী সৰবৰাহৰ লগত জড়িত এক চক্ৰ। চিচিবৰগাঁৱৰ সমীপৰ এক ভিতৰুৱা স্থানত অভিযান চলাই আটক কৰে তিনিচুকীয়াৰ এগৰাকী যুৱতীসহ ৰাজস্থানৰ ঝুনঝুন জিলাৰ বলবীৰ সিং আৰু মেম ৰাজ নামৰ দুজন লোক আৰু তেওঁলোকে বাহৰ পাতি থকা গোবিন হাজৰিকা নামৰ লোকজনক আটক কৰিছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি গোবিন হাজৰিকা আৰু তেওঁৰ পত্নী মিনা দাস বহুদিনৰ পৰা নাৰী ব্যৱসায়, ড্ৰাগচৰ ব্যৱসায় আৰু বহুতো অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হৈ আছে । ধৃত মেম ৰাজ চৌদি আৰবত ড্ৰাইভাৰৰ কাম কৰে আনহাতে বলবীৰ সিঙে ৰাজস্থানত ড্ৰাইভাৰ কৰে বুলি জানিবলৈ দিছে। ইতিমধ্যে আটাইকেইজনকে আৰক্ষীয়ে তদন্তৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close