অসম

চড়াবড়িত কালি পূজাৰ ব্যাপক প্ৰস্তুতি

জিন্টুমনি ভূঞাৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ: হাজো নলবাৰী পথৰ চড়াবড়ি কালি মন্দিৰত অহা ১৯,২০ আৰু ২১ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে সাৰ্বজনীন কালি পূজা অনুষ্ঠিত হ’ব| ১৯ অক্টোবৰত ৰাতিপুৱা ৭ বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰাম্ভ হবলগীয়া পূজাৰ কাৰ্যসূচী আছে ক্ৰমান্বয়ে পুৱা ৮বজাত গছপুলি ৰোপন,৯বজাত নাম প্ৰসংগ,সন্ধিয়া ৬ বজাত প্ৰতিমা স্থাপন,৭.৩০ বজাৰ পৰা ঢুলীয়া আৰু ওজাপালি প্ৰদৰ্শন,নিশা ১১বজাত আৰতি,২বজাত বলি-উচৰ্গা,পুষ্পাঞ্জলী আৰু প্ৰসাদ বিতৰন|
২০ অক্টোবৰত ৰাতিপুৱা ৪বজাৰ পৰা ১০ বজালৈ ঘাই পথেৰে পাৰ হৈ যোৱা যান-বাহনৰ যাত্রীসকলৰ মাজত প্ৰসাদ বিতৰন কৰা হব| আবেলি ৩বজাত আয়োজিত হ’ব চিত্রাঙ্কন প্ৰতিযোগিতা,দিপাৱলী উদযাপন আৰু বন্তী প্ৰজ্বলনৰ পাছতে ৫ বজাত দৰ্শকৰ মাজত কুইজ প্ৰতিযোগিতা,একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব|
পুজাৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধ্যাৰো আয়োজন কৰা হৈছে য’ত থাকিব কণ্ঠশিল্পী বাবু,ভৃগু কাশ্যপ আৰু ৰিংকু প্ৰিয়মৰ গীতৰ শৰাই|
পূজাৰ শেষ দিনৰ কাৰ্যসূচীত নিশা ৮বজাত ধীৰেন দাস আৰু তাৰিণী ডেকাৰ নাগাৰা নাম প্ৰদৰ্শিত হ’ব|

Related Articles

Leave a Reply

Close