অসম

ছয় সংগঠনৰ হোজাই বন্ধ প্ৰত্যাহাৰ

নীলবাগানৰপৰা মাহমুদ আলী, প্ৰথম খবৰ: আমছুকে ধৰি হোজাই জিলাৰ ছয় সংগঠনে ২৮ অক্টোবৰ তাৰিখে দিয়া অসম বন্ধ প্ৰত্যাহাৰ কৰা বুলি হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্তই এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে৷ হোজাই জিলাৰ পথ উপপথ সমূহ মেৰামতি, চৰকাৰী বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তি, হোজাই জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুত যোগান নিয়মীয়া কৰা তথা জনস্বাস্থ্য বিভাগৰ বিৰল পানী যোগান আঁচনি সমুহ পুনৰ সক্ৰিয় কৰাৰ দাবীত আমছু হোজাই জিলা সমিতি, এন এছ ইউ আইৰ হোজাই জিলা সমিতিকে ধৰি ছয়টা সংগঠনে ২৮ অক্টোবৰ তাৰিখে ১৮ ঘন্টীয়া হোজাই বন্ধৰ আহ্বান কৰিছিল৷

আজি হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্তৰ উপস্থিতিত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগত বন্ধৰ আহ্বান কৰা ছয়োটা সংগঠনৰ প্ৰতিনিধিবৰ্গ এক আলোচনাত মিলিত হয় ৷ আলোচনাৰ অন্তত দল সংগঠন কেইটাই উক্ত বন্ধ কাৰ্যসুচী উঠাই লোৱা বুলি হোজাইৰ অতিৰিক্ত উপায়ুক্তই এক প্ৰেছ বিবৃতট যোগে জানিবলৈ দিয়ে৷

Related Articles

Leave a Reply

Close