অসম

জগন্নাথ পুৰীত দৰঙৰ তীৰ্থযাত্ৰীৰ মৃত্যু

প্ৰথম খবৰঃ মংগলদৈ/দেওমৰনৈ: জগন্নাথ পুৰি দৰ্শন কৰা নহল দৰং জিলাৰ ছিপাঝাৰৰ দেওমৰনৈ কৈকৰা নিবাসী মহেন্দ্র ডেকাৰ। যোৱা ২ অক্টোবৰতে ভাৰতৰ বিভিন্ন তীৰ্থস্থান ভ্রমনৰ উদ্দেশ্য ছিপাঝাৰ বিধান সভা সমষ্টিৰ ৫০ গৰাকী লোক গৈছিল, পিছত কিছু কিছু ঠাই ভ্ৰমণকাৰী দলটোৱে দৰ্শন কৰিলে যদিও পুৰীৰ জগন্নাথ মন্দিৰলৈ গৈ থকাৰ পথতে ঝাৰখণ্ডত দৰং জিলাৰ কৈকৰা গাঁৱৰ মহেন্দ্র ডেকা নামৰ লোকজনৰ আকস্মিকভাৱে মৃত্যু হয়।

উল্লেখ্য ২৫ দিনীয়া কাৰ্য্যসুচীৰে দলটিয়ে ভাৰত ভ্ৰমণলৈ গৈছিল। দৰঙৰ নামখলাৰ জোনালী হাজৰিকাৰ তত্বাৱধানত যোৱা ভ্ৰমণকাৰী দলটিয়ে ডেকাৰ মৃত্যুত মৰ্মাহত হৈ পৰে। ১৮ অক্টোবৰৰ আবেলি ৫ বজাত জ্বৰত মহেন্দ্র ডেকাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকলৈ খবৰ অহাত ঘৰখনৰ লগতে অঞ্চলটিত হুৱাদুৱা লাগে। অঞ্চলটিত এজন ধাৰ্মিক লোক হিচাপে পৰিচিত ডেকা সহিতে ভ্ৰমণকাৰী দলটি “বিশাল “নামৰ এক ব্যক্তিগত বাছেৰে ভ্ৰমণলৈ গৈছিল।

সম্প্ৰতি ডেকাৰ নশ্বৰ দেহ এক এম্বুলেঞ্চেৰে নিজ গৃহলৈ আনি থকা বুলি জানিব পৰা গৈছে। ডেকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাত অঞ্চলটিত শোকৰ ছাঁ পৰে।

 

Related Articles

Leave a Reply

Close