অসমৰাষ্ট্ৰীয়

জেদ্দাহ: চৌদি আৰবত দুগুণে বৃদ্ধি পালে চিগাৰেটৰ দাম

ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰথম খবৰ : চিগাৰেট সেৱন কৰাটো পাপলৈপৰিণত হ’ল চৌদি আৰবত। চৌদি আৰবত শনিবাৰে মাজনিশাৰ পৰা বৃদ্ধি পাইছে চিগাৰেট আৰু শক্তিদায়ক পানীয়ৰ দাম। ইয়াৰ কাৰণ এই সামগ্ৰীসমূহৰ ব্যৱসায়ৰ ক্ষেত্ৰত আদায় দিব লাগিব “পাপ কৰ”। দেশখনত ১০০ শতাংশই বৃদ্ধি পাইছে পাপ কৰ। ইয়াক জাকাত আৰু কৰৰ সাধাৰণ প্ৰাধিকৰণ অনুসৰি অস্বাস্থ্যকৰ সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত বলবৎ কৰা হয়। এই কৰৰ নিয়ম অনুসৰি স্বাস্থ্য সম্বন্ধীয় কাৰক হ’ব পৰা ব্যক্তি বা চৰকাৰৰ দ্বাৰা আদায় দিবলগীয়া চিকিৎসা ব্যয় বৃদ্ধি কৰে।

 

যি সময়ত ধপাত বা অন্যান্য নিচা জাতীয়সামগ্ৰীৰ সেৱনে সমগ্ৰ বিশ্বতে বহুলোকৰ ঘৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছে, তেনে সময়ত চৌদি আৰবে লোৱা সিদ্ধান্ত উল্লেখনীয়।

Related Articles

Leave a Reply

Close