অসমশীৰ্ষ

জয়ন্তমল্ল বৰুৱাই কি দেখিলে বৰপেটাৰ মেডিকেলত? আজি স্বাস্থ্যমন্ত্ৰীৰ অনুষ্ঠান

বিশেষ প্ৰতিবেদক, প্ৰথম খবৰ: বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ দেওবাৰে নিশা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাস, বাণিজ্য আৰু উদ্যোগ নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ উপ-সভাপতি হেমন্ত কুমাৰ দেউৰীৰ লগতে জিলা যুৱ মৰ্চাৰ একাংশ যুৱ নেতাই পৰিস্থিতিৰ বুজ লৈছে৷

চিকিৎসালয়খনত১০ জন নৱজাতকৰ মৃত্যুত দলটোৱে দুখ প্ৰকাশ কৰি হাস্পতালখনৰ বিভিন্ন কথাৰ বুজ লৈছে দলটোৱে৷ ইপিনে, বৰপেটা মেডিকেল কলেজ আৰু হাস্পতালত সদ্য-সংস্থাপিত ব্যয়বহুল এম.আৰ.আই সেৱা আনুষ্ঠানিক ভাৱে আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব, এই সকলোবোৰ কথাৰ বুজ লবলৈ দলটো বৰপেটাত উপস্থিত হৈ বুলি জানিবলৈ দিয়ে জয়ন্তমল্ল বৰুৱাই৷ দলটোৱে চিকিৎসালয় খনৰ অধীক্ষক ববীজিৎ গোস্বামীৰ পৰা পৰিস্থিতিৰ বুজ লৈ নিশাই পুনৰ গুৱাহাটীলৈ যাত্ৰা কৰে৷

Related Articles

Leave a Reply

Close