অসম

টিংখাঙত আৰক্ষীয়ে এৰি দিয়া গৰু কঢ়িওৱা গাড়ী জব্দ কৰিলে ৰাইজে, সক্ৰিয় গৰু চোৰ চক্ৰ

টিংখাঙৰ পৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: উজনিত প্ৰতি নিশাই চুৰি হৈছে শ শ গৰু। পথাৰ, ঘাইপথৰ লগতে কৃষক ৰাইজৰ গোহালিৰ পৰা শালোৱা গাই গৰু আদি চুৰি কৰি গৰু চোৰ চক্ৰই ৰমৰমিয়া ব্যৱসায় অব্যাহত ৰাখিছে। আৰক্ষীৰ লগত গোপন বুজাবুজি কৰি গৰু চোৰ চক্ৰই সৰু বৰ গাড়ীৰে গৰু চুৰি কাৰ্য অব্যাহত ৰাখি গৰু সমুহ নগাঁও ডবকা হোজাই আদি বিভিন্ন ঠাইলৈ নিয়াৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে এতিয়া। আৰক্ষীয়ে এৰি দিয়া এনে অবৈধ গৰু কঢ়িওৱা এখন গাড়ী আজি টিংখাঙৰ ধমন কেন্দুগুৰীবাসী ৰাইজে জব্দ কৰে। অনু্জ্ঞাপত্ৰ , চালানৰ অবিহনে নাহৰকটীয়াৰ পৰ‍া নগাঁও হোজাইলৈ ১২ টাকৈ গৰু কঢ়িয়াই নিয়া AS 02 BC 1109 নম্বৰৰ টাটা ডি আই গাড়ীখন ৰাইজে জব্দ কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখ্য যে, টিংখাঙৰ ধমন কেন্দুগুৰীৰ নিপেন দত্তৰ শালোৱা আৰু হিমান্ত গগৈৰ গাই গৰু চাৰিটা সহ মুঠ ৬ টাকৈ গৰু নিশা গোহালিৰ পৰাই গৰু চোৰ চক্ৰই চুৰি কৰি নিয়ে। একেখন গাঁৱৰে দুঘৰৰ গোহালিৰ পৰা একেনিশাই এইদৰে গৰু সমুহ চুৰি হোৱাত গাঁওবাসী ক্ষুব্ধ হৈ পৰে। তেনে সময়তে গৰু কঢ়িয়াই অনা ডি আই গাড়ীখন আহি থকাত অগভেটি গড়ীখন ৰাখি ৰাইজে গাড়ীৰ গৰাকীক প্ৰশ্ন কৰে। গাড়ীৰ গৰাকীয়ে ৰাইজৰ প্ৰশ্নৰ কোনো সুদুত্তৰ দিব নোৱাৰাৰ লগতে গাড়ী ভৰ্তি গৰুৰ চালান দেখুৱাব ব্যৰ্থ হোৱাত ৰাইজৰ সন্দেহ ওপজে। লগে লগে টিংখাং আৰক্ষীক বিষয়টো অৱগত কৰাত কিছু সময়ৰ পাছত দুজন আৰক্ষীৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ বুজ লয়। গাঁওবাসীয়ে জানিব দিয়া মতে আৰক্ষী জোৱানদ্বয়ে মাত্ৰ ৭০-৮০ হাজাৰ টকাৰ ব্যৱসায়ত কিদৰে গাড়ীৰ গৰাকীয়ে চালান, অনুজ্ঞা পত্ৰ আদি লব পাৰিব বুলি টুলুঙা মন্তব্য কৰি কেৱল ৰচিদ চাই একো ব্যৱস্থা গ্ৰহন নকৰাকৈয়ে গৰু ভৰ্তি গাড়ীখন এৰি ঘটনাস্থলীৰ পৰা উভতি আহে।

তদুপৰি এজন কনিষ্টবলে জব্দ গাড়ীখনৰ গৰাকীৰ মবাইল যোগে নাহৰকটীয়াৰ জনৈক গৰু বেপাৰীক ডাঙৰ গাড়ী ক’ত আছে বুলি প্ৰশ্ন কৰাত ৰাইজৰ চকু কঁপালত উঠে। এনে পৰিপ্ৰেক্ষিততে আৰক্ষীৰ সতে গোপন বুজাবুজি কৰি এইদৰে গৰু চোৰ চক্ৰই এনে অবৈধ ব্যৱসায় চলায় অাছে বুলি ৰাইজে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে ১০০-১৫০ টকা আদায় কৰিয়েই আৰক্ষী চকী সমূহ অতিক্ৰম কৰি চালানৰ অবিহনে গাড়ীৰে গৰু কঢ়িয়াই নিয়ে বুলি স্বীকাৰ কৰাৰ লগতে বিগত প্ৰায় দহ বছৰ ধৰি টিংখাঙৰ বিভিন্ন ঠাইত স্থানীয় দুজনমান লোকৰ সহযোগত এইদৰে গৰুৰ ব্যৱসায় কৰি থকা বুলিও গাড়ীৰ গৰাকীয়ে লক্ষ্যণীয়ভাৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। এতিয়া এনে ব্যৱসায় ৰোধ কৰিবৰ বাবে প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব সময়ত সেয়া নিশ্চয় লক্ষ্যণীয় হ’ব।

Related Articles

Leave a Reply

Close