
শুকান জেওৰা চেপি ৰস উলিয়াব পৰা ব্যক্তি অতনু ভুঞা: অজিত ভুঞা
কল্পজ্যোতি শইকীয়াৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰঃ শুকান জেওৰা খৰিৰ পৰা ৰস উলিয়াব পাৰে অতনুৱে, এই বুলি মন্তব্য প্ৰকাশ কৰি গ্ৰন্থ উন্মোচনী সভাখনিত বক্তৃতা ৰাখে প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত ভুঞাই। মঙ্গলবাৰে দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে অসমৰ প্ৰায় কেইটা নিউজ চেনেলৰ মুখ্য সম্পাদক সকলৰ উপস্থিতিত শুভ উন্মোচিত হয় টেলিভিছনৰ ব্যৱহাৰিক পাঠ্যক্ৰমৰ ওপৰত ৰচিত পুথি ABCD ৰ।
নিউজ লাইভৰ মুখ্য সম্পাদক জাৰিৰ হুছেইন, ডি ৱাই ৩৬৫ ৰ পৰিচালন সম্পাদক প্ৰণয় বৰদলৈ আৰু নিউজ ১৮ ৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য আৰু বিশিষ্ট সাংবাদিক উৎপল বৰুৱা উপস্থিত নিজৰ বহুমূলীয়া বক্তব্য দাঙি ধৰি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কথাৰ প্ৰসংগতে আটাইকেইগৰাকী জ্যেষ্ঠ সাংবাদিকে অসমৰ টেলিভিছন জগতক নতুনত্ব প্ৰদান কৰা অতনু ভূঞাৰ সৈতে পাৰ কৰা বহুতো অতীত স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।
এই গ্ৰন্থখনি উত্তৰ পূৱ গ্ৰন্থমেলাত পাঠক সকলে ক্ৰয় কৰিব পাৰিব বুলি জানিব দিয়ে অতনু ভূঞাই। পানবজাৰৰ সমূহ গ্ৰন্থ বিপনীত উপলব্ধ হ’ব ABCD।