অসম

ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ দেহাৱসান

ডিগবৈ পৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: ডিগবৈ ২ নং বৰবিলৰ নিবাসী প্ৰয়াত দীননাথ কোঁৱৰৰ সহধৰ্মিনী তথা ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, ধৰ্মপ্ৰাণ মহিলা, সমাজ সেৱীকা অৰ্পণা কোঁৱৰ ( ৬৯) বয়সত আক্ৰান্ত হৈ যোৱাকালি ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। দুমাহৰ পূৰ্বে স্বামী তথা অৱসৰপ্ৰাপ্ত বিদ্যালয় সমূহৰ পৰিৰ্দশক দীননাথ কোঁৱৰে ইহ সংসাৰ এৰি যোৱাৰ পিছত অৰ্পণা কোঁৱৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত দুই পুত্ৰ- বোৱাৰী, তিনি জী- জোঁৱাই, নাতি- নাতিনী আৰু আত্মীয় স্বজনক এৰি থৈ যায়।

Related Articles

Leave a Reply

Close