অসম

ডিব্ৰুগড়ত স্নাতক প্ৰাথমিক শিক্ষকৰ সভা আহবান

প্ৰথম খবৰ, টেঙাখাত: ডিব্ৰুগড় জিলাৰ স্নাতক প্ৰাথমিক শিক্ষক সকলৰ উদ্যোগত কাইলৈ দহ বজাত এখন সভা আহবান কৰা হৈছে। অসম চৰকাৰে সপ্তম দৰমহা আয়োগৰ ROP অধীনত স্নাতক শিক্ষক সকলক স্নাতক গ্ৰেড পে দিয়াৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুসৰি যোৱা ২০১৬ চনৰ এপ্ৰিল মাহৰ পৰা স্নাতক প্ৰাথমিক শিক্ষক সকলক ৮৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰা হৈছিল। যদিও অলপতে বিত্ত বিভাগৰ WT বাৰ্তাৰ দ্বাৰা উক্ত গ্ৰেড পে প্ৰদানৰ স্থগিতাদেশ জাৰি কৰি আঁসোৱাহ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশ দিয়ে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিৰোধিতা কৰি চৰকাৰক ১৫ অক্টোবৰ ভিতৰতে স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে।

বিত্ত বিভাগৰ নতুন নিৰ্দেশনা মানি লোৱা নহ’ব বুলি এক দাবী পত্ৰ চৰকাৰক দাখিল কৰিছে। ডিব্ৰুগড় জিলাৰ স্নাতক প্ৰাথমিক শিক্ষক সকলৰ উদ্যোগত আমোলাপট্টি নাট্য মন্দিৰত এখন সভা আহবান কৰা হৈছে। সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সম্পাদক উপস্থিত থাকিব বুলি জনাইছে।

Related Articles

Leave a Reply

Close