অসম

তিনি ছাত্ৰৰে লাকুৱাৰ এখন বিদ্যালয়ত গুণোৎসৱ

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: আন্তঃগাঁথনিৰে ভৰপুৰ বিদ্যালয়খন, কিন্তু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্রায় শূণ্য।গুণোৎসৱৰ শুক্ৰবাৰে অন্তিম দিনা চৰাইদেউ জিলাৰ এইখন বিদ্যালয়ৰ দৃশ্যই উদঙালে হিমন্ত নেতৃত্বাধীন শিক্ষা বিভাগৰ নগ্ন স্বৰূপ।

চৰাইদেউ জিলাৰ খেলুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ৬৭০ নং মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ত গৃহ আছে কিন্তু নাই ছাত্ৰ-ছাত্ৰী।গুণোৎসৱ অনুষ্ঠিত কৰাত কৃপনালি নকৰিলেও মন সেমেকা শিক্ষক-শিক্ষয়িত্ৰীৰ। কাৰণ নাই ছাত্ৰ। মাত্ৰ চাৰিজন ছাত্রই চলি আছে বিদ্যালয়খন। গুণোৎসৱ দিনা আহিল তিনি জন। অলপ হকাহ। পৰিদৰ্শক শ্ৰেণীকোঠাত প্ৰৱেশ কৰিয়েই হতবাক কাৰণ পাঁচটা শ্ৰেণীৰ ভিতৰত মাথোঁ তিনিজন ছাত্ৰ। উপাই নাই। নিয়ম অনুসৰিয়েই পৰ্যবেক্ষকে ল’লে পৰীক্ষা। পৰ্যবেক্ষকে পৰীক্ষা লৈয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰী সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিলে পৰ্যবেক্ষকে।

ইফালে দুজন শিক্ষক থকা বিদ্যালয়খনত সাংবাদিক প্ৰৱেশ কৰোতেই শিক্ষকৰ হেৰাল থৰকাচুতি। প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে নিজে স্বীকাৰ কৰিলে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা। প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হোৱা বিদ্যালয়ত কিয় ছাত্ৰ সংখ্যা কমিল সিহে এক ডাঙৰ প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মাৰ গুণোৎসৱে বিদ্যালয় মান উন্নত কৰাৰ চেষ্টা কৰিলেও এই দৃশ্যই উদঙাই দিলে চৰকাৰী স্কুলৰ মানদণ্ড। যাৰ বাবে ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত শূন্যতা। কি কাৰণত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহিল সেইটোহে লক্ষণীয়।

Related Articles

Leave a Reply

Close