অসম

তৰণী  ফুটবলত কেতেকীবাৰী জ্ঞানদা সংঘ ফাইনেলত  প্ৰৱেশ 

প্ৰথম খবৰ, নিউজ ব্যুৰ’: তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয়  তৰণী মিনি ষ্টেডিয়ামত  চলি থকা  প্ৰাইজমানি ফুটবল  প্ৰতিযোগিতাত কেতেকীবাৰী জ্ঞানদা সংঘই ফাইনেলত প্ৰবেশ কৰিছে। আজি অনুষ্ঠিত উত্তেজনা পূৰ্ণ  প্ৰথম খন চেমি ফাইনেল খেল নিৰ্দ্ধাৰিত সময়ত গল শুণ্য ভাবে সমাপ্ত হোৱাত পৰৱৰ্তী সময়ত ট্ৰাইব্ৰেকাৰ পদ্ধতিত  ৪-৩ গলৰ ব্যবধানত দলটোৱে  প্ৰতিদন্দ্বী চামতা মিলনজ্যোতি সংঘক  পৰাস্ত কৰিবলৈ সক্ষম হয় । খেল খন পৰিচালনা কৰে ৰেফাৰীপহৰেদ আলি আহমেদ, উমেশ শালৈ  জয়ন্ত মাধব দাস আৰু দিগাম্বৰ কলিতাই।আনহাতে অহাকালিৰ  আনখন চেমি ফাইনেলত এলেভেন ষ্টাৰ তৰণীৰ বিপৰীতে হাজো মিলনজ্যোতি সংঘই  অৱতীৰ্ণ হ’ব।

Related Articles

Leave a Reply

Close