অসমশীৰ্ষ

দশমীৰ নিশা দৰংগিৰিত পথ দুৰ্ঘটনা: নিহত যুৱক

ৰংজুলিৰ পৰা কল্যান ৰয়, প্ৰথম খবৰ: চৌদিশে বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতে শনিবাৰে নিশা দৰংগিৰিৰ পাটিয়াৰ পাৰাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।পাটিয়াৰ পাৰা কালী মন্দিৰৰ সম্মুখত, ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কোনো অচিনাকি গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজনযুৱক।

ৰংজুলিৰ ৰাৱণ দাহন কাৰ্যসূচী উপভোগ কৰি যোৱা কেইজনমান যুৱকে পথৰ ওপৰত পৰি থকা দেখি তেওঁক তৎক্ষণাৎ ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু তেওঁক অক্সিজেন দিব লগা হোৱাত অতি সংকট জনক অৱস্থা হয়। সেয়ে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়। কিন্ত গোৱালপাৰালৈ যোৱাৰ পথতে তেওঁৰ মৃত্যু ঘটে। নিহত যুৱকজন দৰংগিৰি কামাৰপাৰাৰ দ্বীপজ্যোতি কছাৰী বুলি চিনাক্ত কৰা হৈছে।

Related Articles

Leave a Reply

Close