অসমশীৰ্ষ

দুই যুৱক-যুৱতীক ৰাজপথতে প্ৰহাৰ সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

প্ৰথম খবৰ, নলবাৰী: উত্তৰ প্ৰদেশৰ আগ্ৰাৰ তাজমহল আৰু ফাটেহপুৰ চিক্ৰী দৰ্শন কৰিবলৈ যোৱা চুইজাৰলেণ্ডৰ পৰ্যটকক উদণ্ড যুৱকৰ নিৰ্মম প্ৰহাৰ। ঘটনাৰ বিৱৰণী মতে, চুইজাৰলেণ্ড দেশৰ দুই যুৱক- যুৱতীক ৰাজপথতে প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যুৱতীগৰাকীৰ পুৰুষ সংগীক সংকটজনক অৱস্থাত আগ্ৰাৰ চিকিৎসালয়ত ভৰ্ত্তি কৰিব লগা হয়। যুৱকৰ দলটোৱে ২৪ বছৰীয়া কুইনটিন জেৰমাইক্লেৰিক নামৰ বিদেশী যুৱকগৰাকীক শিলেৰে মূৰত প্ৰচণ্ড প্ৰহাৰ কৰাত মগজুত বিস্তৰ ক্ষতি আৰু লগতে চিৰদিনৰ বাবে লোপ পালে এখন কাণৰ শ্ৰৱণ শক্তি।

২৪ বছৰ বয়সীয়া মেৰি এ ড্ৰোজ নামৰ যুৱতীগৰাকীক হাত ভগা আৰু শশৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্ত্তি। যুৱতীগৰাকী বৰ্তমান সংকটমুক্ত যদিও বিদেশী যুৱকৰ অৱস্থাৰ হোৱা নাই কোনো পৰিবৰ্তন। বিদেশী পৰ্যটকক এনেদৰে হত্যাৰ চেষ্টা চলোৱা ঘটনাত সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাই দেশখনক লজ্জানত কৰিছে ৷

Related Articles

Leave a Reply

Close