অসম

দুদিন ধৰি তিনিচুকীয়া জিলা বন বিভাগৰ নিদ্ৰা হৰণ কৰা চোৰাং কাঠৰ ট্ৰাক পৰিত্যক্ত অৱস্থাত শদিয়াত উদ্ধাৰ

প্ৰথম খবৰ, তালাপ: যোৱা ১৬ অক্টোবৰৰ নিশাৰ পৰাই তিনিচুকীয়া জিলা বন বিভাগৰ নিদ্ৰা হৰণ কৰি অহা চোৰাং কাঠ কঢ়িওৱা ট্ৰাকখন আজি শদিয়াৰ হৰিপুৰ গাঁৱৰ সমিপত বন বিভাগে পৰিত্যক্ত অবস্থাত প্ৰায় দুশ কিউবিক ফুট চোৰাং কাঠ সহ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, শদিয়াৰ ঘুমটি বিল অঞ্চলৰ হৰিপুৰ গাঁৱৰ সমিপৰ সাধাৰণতে যান-বাহন চলাচল নকৰা এটা পথত ট্ৰাকখন এৰি চালক-সহায়ক তাৰ পৰা উধাও হয়। এটা বিশেষ সুত্ৰৰ পম খেদি শদিয়া আঞ্চলিক বন বিষয়াৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে পৰিত্যক্ত অৱস্থাত AS 01 GC 9625 নম্বৰৰ ট্ৰাকখন প্ৰায় দুশ কিউবিক ফুট চোৰাং কাঠ সহ জব্দ কৰে।

উল্লেখযোগ্য যে, যোৱা ১৬ অক্টোবৰৰ নিশা এই ট্ৰাকখনে AS 01 GC 9744ৰ ভূৱা নম্বৰ প্লেট লগাই ছৈখোৱাৰ পৰা চোৰাং কাঠখিনি সৰবৰাহ কৰাৰ সময়ত তিনিচুকীয়া চহৰত ধৰা পৰে। সেই সময়ত এটা বৈদূতিন মাধ্যমৰ সাংবাদিকে ট্ৰাকৰ লোকক সোধাপোচা কৰাৰ সময়ত চোৰাং কাঠখিনিৰ গৰাকী সেই স্থানত উপস্থিত হৈ আগ্নেয় অস্ত্ৰ প্ৰদৰ্শন কৰি সাংবাদিকক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে। এই সংক্ৰান্তত সাংবাদিকগৰাকীয়ে তিনিচুকীয়া সদৰ থানাত ছৈখোৱাৰ কাঠ ব্যৱসায়ী জনৈক ৰাজু মেধীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। ইফালে চোৰাং কাঠ সম্পৰ্কে বন কৰ্মী আৰু সাংবাদিকে তথ্য সংগ্ৰহত ব্যস্ত থকাৰ সময়তে কাঠ ভৰ্ত্তি ট্ৰাকখনে সুযোগ বুজি আকৌ ছৈখোৱাৰ দিশলৈ পলায়ন কৰে।

বন কৰ্মীৰ দলে ট্ৰাকখনৰ পিছ লৈছিল যদিও বিফল হোৱাত জিলাৰ সকলো বন কাৰ্যালয়কে সতৰ্ক কৰি দিয়ে। বিভাগটোৰ বন সুৰক্ষা বাহিনী আৰু ছৈখোৱা বনাঞ্চলিক বিষয়াৰ যৌথ অভিযানত কালি ছৈখোৱা অঞ্চলৰ আহোম গাঁৱৰ এঘৰৰ বাৰিত লুকুৱাই ৰখা অবস্থাত প্ৰায় তিনিশ কিউবিক ফুট পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ পাছত আজি বাকীখিনি কাঠ সহ ট্ৰাকখন জব্দ কৰিছে । আহোম গাঁৱত পোৱা চোৰাং কাঠবোৰ এই ট্ৰাকখনৰ পৰাই নমাই ৰখা বুলি বন বিভাগ প্ৰায় নিশ্চিত বুলি প্ৰকাশ।

Related Articles

Leave a Reply

Close