অসম

দেওমৰনৈ বি. এড্ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা

 দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,  প্ৰথম খবৰ: দৰং জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত দেওমৰনৈ বি, এড মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ বাবে আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিছে। দেওমৰনৈ বি, এড মহাবিদ্যালয়ৰ অধ্যক্ষা চাৰুস্মৃতা মহন্তই ৰাতিপুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে তাৰ পাছতে মহাবিদ্যালয়ৰ প্ৰচীৰ প্ৰত্ৰিকা উন্মোচন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি সন্তোৰাম চহৰীয়াই, বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে মহাবিদ্যালয়ৰ ন্যাস সমিতিৰ উপদেষ্টাদ্বয় দীননাথ ডেকা আৰু গোপাল চন্দ্ৰ শৰ্মাই ।

মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যাদৱ শৰ্মাৰ সঞ্চালনাত নৱাগত আদৰণি সভাৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰঙ্গ অনুষ্ঠান অনুষ্ঠিত হয়। অন্তৰঙ্গ অনুষ্ঠানখনি উদ্বোধন কৰে পাথৰিঘাট ৰাজহচক্ৰ বিষয়া ড০ সংগীতা বৰঠাকুৰে, অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতম আৰু দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ )ৰ অধ্যক্ষ মতিৰাম শইকীয়া। নৱাগত আদৰণি সভাত ন-পুৰণিসমূহ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে লগতে মহাবিদ্যালয়ৰ প্ৰৱক্তা, কৰ্মচাৰী বৃন্দ আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Close