অসম

দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত “আধুনিক সমাজ আৰু লোক সংস্কৃতি” শীৰ্ষক আলোচনা চক্ৰ

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত একমাত্র উচ্চ শিক্ষানুষ্ঠান দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত অসমীয়া বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আধুনিক সমাজ আৰু লোক সংস্কৃতি শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অনিতা দেৱীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনিৰ বন্তি প্রজ্বলন কৰে অৱসৰী শ্ৰম বষয়া তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ভুচন্দ্ৰ শৰ্মাই, আলোচনা চক্ৰ খন উদ্বোধন কৰে দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ )ৰ অধ্যক্ষ মতিৰাম শইকীয়াই, আদৰনি ভাষন আগবঢ়াই দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ গীতালি কলিতাই।

আলোচনা চক্ৰ খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মংগলদৈ মহাবিদ্যালয়ৰ অৱসৰী অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০বিজয় কুমাৰ শৰ্মা আৰু খৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক কৰুণা কান্ত ডেকা। আলোচনা চক্ৰ খনিৰ আঁত ধৰে দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক বিনয় ভুষন শৰ্মাই লগতে সহায় কৰে অধ্যাপক পল্লৱ বৰুৱা, ড০মুনমনি দেৱী, প্ৰৱীণ কলিতাই। আলোচনা চক্ৰত মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু অধ্যাপক অধ্যাপিকা, কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close