অসম

দেৰগাঁৱত পথৰ দাঁতিত বাগৰি পৰিল পেট্ৰ’ল ভৰ্তি টেংকাৰ

দেৰগাঁৱৰপৰা আব্দুল মান্নাফ, প্ৰথম খবৰ:
আজি পুৱতি নিশা দেৰগাঁৱত সংঘটিত হয় টেংকাৰ দুৰ্ঘটনা। পেট্ৰ’ল ভৰ্তি টেংকাৰ বাগৰিল পথৰ দাঁতিত।
দেৰগাঁও গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত পুৱাই সংঘটিত হয় টেংকাৰ দুৰ্ঘটনা। দেৰগাঁৱৰ গণক পুখুৰিত তিনিচুকীয়াৰ পৰা ইম্ফল অভিমুখী পেট্ৰল ভৰ্ত্তী এ. এছ. চি. চি. ৪১৫২ নম্বৰৰ পেট্ৰ’ল পৰিবাহী এখন টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে। ফলত টেংকাৰখনৰ পৰা তেল নিৰ্গত হোৱাত তেল নিবলৈ হাতে হাতে গেলান, বটল লৈ হেতা-ওপৰা লাগে স্থানীয় ৰাইজৰ।

এক আতংকময় পৰিস্থিতিত উপস্থিত হয় আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী। অৱশ্যে কিছু সময়ৰ পাছত আৰক্ষীয়ে টেংকাৰখন উঠাবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close