অসমশীৰ্ষ

দৌলাশালত চাঞ্চল্য, নিশা দুৰ্বৃত্তৰ আক্ৰমণত আহত বৃদ্ধা

প্ৰথম খবৰ, চেঙা: নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত দৌলাশাল গাঁৱত এগৰাকী বৃদ্ধাক দুৰ্বৃত্তই আক্ৰমণ কৰি গুৰুতৰ আঘাত কৰাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে যোৱা ২৮ছেপ্টেম্বৰৰ নিশা প্ৰায় ৭:৩০ বজাত দৌলাশালৰ চৌধুৰী চুপাৰ প্ৰদীপ নাথৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কোনো দুৰ্বৃত্তই ঘৰত প্ৰবেশ কৰি কোঠাৰ লাইট নুমুৱাই প্ৰদীপ নাথৰ পত্নী ভৱানী নাথ(৬৫)ক ৰডেৰে প্ৰহাৰ কৰে।

ভৱানী নাথে লগে লগে চিঞৰি দিয়াত চুবুৰীয়া আহি ঘটনাস্থলীত উপস্থিত হয় যদিও দুৰ্বৃত্তই ঘটনা সংঘটিত কৰিয়ে অনায়াসে পলায়ন কৰিবলৈ সক্ষম হয়। ভৱানী নাথৰ ভাষ্য অনুসৰি মুখত কাপোৰ বান্ধি অহা দুৰ্বৃত্তটোৱে কাষৰ কোঠালিত থকা সৰু বোৱাৰীয়েক লক্ষী নাথৰ কোঠাৰ ভিতৰত থকা পিছফালৰ দুৱাৰেৰে পলায়ন কৰে আৰু বোৱাৰীয়েক লক্ষী নাথে এক সন্দেহজনক ভূমিকা গ্ৰহণ কৰে। দুৰ্বৃত্তৰ প্ৰহাৰত কথমপি প্ৰাণ ৰক্ষা পৰা ভৱানী নাথ গুৰুতৰ ভাৱে আহত হয় আৰু মূৰত ১১টাকৈ চিলাই দিবলগীয়া হয়।

উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ নিশাই ভৱানী নাথৰ পুত্ৰ নৱ কুমাৰ নাথে দৌলাশাল আৰক্ষী চকীত গোচৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। বোৱাৰীয়েক লক্ষ্মী নাথে পৰিকল্পিত ভাৱে দুৰ্বৃত্তৰ হতুৱাই শাহুৱেকক আক্ৰমণ কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে ।উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ সময়ত ভৱানী নাথৰ ঘৰত প্ৰবেশ কৰা মূল গেটত তলা লগোৱা আছিল আৰু ৰহস্যজনক ভাৱে বোৱাৰীয়েক লক্ষ্মী নাথৰ কোঠাৰ পিছফালে থকা দুৱাৰখন খোলা আছিল। যিখন দুৱাৰেৰে দুৰ্বৃত্তই ভৱানী নাথক আক্ৰমণ কৰি পলায়ন কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে ঘটনা সংক্ৰান্তত দৌলাশাল আৰক্ষীয়ে লক্ষী নাথ আৰু এজন স্থানীয় যুৱকক আটক কৰে আৰু সোধ-পোছ কৰি যাবলৈ দিয়ে যদিও আজি পুৱা লক্ষী নাথক নিজৰ কোঠাত হাত ভৰি বন্ধা অৱস্থাত ৰহস্যজনক ভাৱে পৰিয়ালৰ লোকে উদ্ধাৰ কৰে।

অৱশ্যে স্থানীয় লোকে এয়া লক্ষী নাথৰ এক ষড়যন্ত্ৰ বুলিহে অভিহিত কৰে। স্থানীয় লোকৰ ভাষ্যমতে দুৱাৰ খিৰিকী বন্ধ থকা কোঠাটোত লক্ষীনাথে নিজে মূৰত আঘাত কৰি খিৰিকী এখনত কাপোৰেৰে হাত-মূৰ মেৰিয়াই ৰাখে আৰু ৰাইজৰ ধমকনি পাই নিজে নিজে মুকলি হৈ দৰ্জা খুলি দিয়ে। পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত দৌলাশাল আৰক্ষীয়ে লক্ষী নাথক আটক কৰি আৰক্ষী চকীলৈ আনে। ঘটনাটোৰ সঠিক তদন্ত কৰি দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সচেতন লোকে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Close