অসম

দৌলাশালত নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখাৰ উদ্যোগত পাঠচক্ৰ অনুষ্ঠান সম্পন্ন

প্ৰথম খবৰ, চেঙা: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত আজি নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখাৰ উদ্যোগত ‘পাঠচক্ৰ’শীৰ্ষক এটি মনোজ্ঞ সাহিত্য অনুষ্ঠান সম্পন্ন হৈ যায়। বিৰিণা গোষ্ঠী, অসমৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠিত পাঠচক্ৰ অনুষ্ঠান উদ্বোধন কৰে দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাই। পাঠচক্ৰ অনুষ্ঠানটো সঞ্চালনা কৰে নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখাৰ সভাপতি নগেন দাসে। উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰমণী নাথে।

আজিৰ এই পাঠচক্ৰত কেইবাগৰাকী কবি-সাহিত্যিকে স্বৰচিত কবিতা-গল্প পাঠ কৰি অনুষ্ঠানটো সজীৱ কৰি তোলে। পাঠচক্ৰ অনুষ্ঠানত বিশিষ্ট সমালোচক, সাহিত্যিক পৰিক্ষীত বৈশ্য, বিৰিণা গোষ্ঠী, অসমৰ সম্পাদক তথা বিশিষ্ট কবি তফিকুৰ ৰহমানৰ লগতে কবি ললিতা দাস, নৃপেন শৰ্মা, সুৰজিত পাঠক, ইয়াৰ মহম্মদ, মনজিত বৰ্মন, গগণ চন্দ্ৰ বৈশ্য, খঞ্জনজ্যোতি পাঠক, বাবুল বণিক্যই কবিতা পাঠ কৰাৰ উপৰি ৰমণী নাথে স্ব-ৰচিত গল্প পাঠ কৰে। পাঠচক্ৰ অনুষ্ঠানটোত আলোচক হিচাপে উপস্থিত থাকি বিৰিণা গোষ্ঠী, অসমৰ মুখ্য সম্পাদক লীলাধৰ পাঠকে প্ৰতিটো কবিতা -গল্পৰ এক নিৰ্মোহ বিশ্লেষণ দাঙি ধৰে আৰু এই ধৰণৰ সাহিত্যানুষ্ঠানবোৰে সমাজখন সুন্দৰ আৰু সমৃদ্ধিশালী কৰাৰ লগতে সমাজ পৰিবৰ্তনৰ এক বাৰ্তা কঢ়িয়াব বুলি আশা প্ৰকাশ কৰে।

সমজুৱাৰ ফালৰ পৰা এক প্ৰগতিশীল বক্তব্য দাঙি ধৰে দৌলাশাল হাইস্কুলৰ সহ শিক্ষক গুৰুচৰণ পাঠকে। সামৰণি ভাষণত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সদস্য পৰিক্ষীত বৈশ্যই সাহিত্য পৰিষদৰ লক্ষ্য উদ্দেশ্য ব্যাখ্যাৰে এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।

Related Articles

Leave a Reply

Close