অসম
দৰং জিলাৰ দীঘিৰপাৰত ৬৩ সংখ্যক ৰাসোৎসৱৰ প্ৰস্তুতি তুংগত

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ কমলাকুৱৰী খ্যাত দীঘিৰপাৰত ৬৩ সংখ্যক ৰাসোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে। দীঘিৰপাৰ হৰি মন্দিৰ প্ৰাংগনত ৬ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হব দীঘিৰপাৰ ৰাসোৎসৱ বুলি জানিব দিছে উদযাপন সমিতিয়ে।
ৰাসোৎসৱৰ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা, ভুপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, আয়তীৰ নাম প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে। দৰং জিলাৰ ভিতৰতেই অতি পুৰণি এই দীঘিৰপাৰ ৰাসোৎসৱ। লক্ষণীয় যে, দীঘিৰপাৰ ৰাসোৎসৱস্থলীত মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে ভাস্কৰ্য্য শিল্পীসকলে।
আনহাতে, কেইগৰাকীও মৃন্ময় শিল্পীয়ে প্ৰায় তিনি শতাধিক মৃন্ময় মূৰ্তি নিৰ্মাণত দিনে নিশাই ব্যস্ত হৈ পৰিছে। ৰাসোৎসৱ উদযাপন সমিতিয়ে সকলো ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰিছে।