অসম

দৰিদ্ৰ জনক সহায়ৰ বাবে নলবাৰীত প্ৰগতি প্ৰৱাহ যুৱ সংঘৰ ব্যতিক্ৰমী প্ৰয়াস 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নলবাৰীৰ মালিকুছিস্থিত স্বেচ্ছাসেৱী সংস্থা প্ৰগতি প্ৰৱাহ যুৱ সংঘৰ উদ্যোগত আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে সংঘৰ সমূহ সদস্যাই মিলি এক ব্যতিক্ৰমী প্ৰয়াস আৰম্ভ কৰে। উল্লেখ্য যে দুখীয়া, অনাথ, প্ৰতিবন্ধী শিশু সকলক সহায়ৰ উদ্দেশ্য মাটিৰ চাকি তৈয়াৰ কৰি বিক্ৰীৰ প্ৰচেষ্টা লোৱা হৈছে।

আজি কাৰ্যসূচীটোৰ আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। অনুপমা দেৱীয়ে আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে সংঘৰ সভানেত্ৰী বৰ্ণালী শৰ্মা গৌড়ে। অনুষ্ঠানত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, বিজেপি নেতা জয়ৰাম বৰ্মন, ওৱাৰ্ড কমিছনাৰ কল্যাণী গোস্বামী, প্ৰগতি প্ৰৱাহ যুৱৰ সভানেত্ৰী মধুস্মিতা শৰ্মা, সম্পাদিকা মৃদুস্মিতা দেৱী, সদস্য ক্ৰমে -আব্দুল আলী, ৰেকিবুদ্দিন আহমেদ, জেহেৰুল ইছলাম, জৌতিৰময় কৌশিক, লোপামুদ্ৰা বৰ্মন, মৃদুস্মিতা বৰ্মন প্ৰমুখ্যে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে । অনুষ্ঠানত বিধায়ক অশোক কুমাৰ শৰ্মাই উদ্বোধনী ভাষনত কয় যে -বৰ্তমান সমাজ ব্যৱস্থাত প্ৰগতি প্ৰৱাহ যুৱ সংঘৰ প্ৰয়াস আদৰণীয়। কিয়নো সমাজখনত মানৱতাৰ অৱক্ষয় হৈছে, এচাম তথাকথিত লোকৰ বাবে। যাৰ হৃদয়ত মাথো কপটতা হে উদ্ভাসিত হৈ থাকে। আমি সকলোৱে মানৱ সমাজক স্বচ্ছভাৱে আগবঢ়াই নিব লাগিব বুলি দোহাৰি বিধায়কগৰাকীয়ে কয় যে তেতিয়াহে দেশ -জাতি আগবাঢ়ি যাব।

Related Articles

Leave a Reply

Close