অসম

ধুমুহাৰ গতিত তেওঁ আহিল আৰু গ’লগৈ: আঁকি থৈ গ’ল সম্ভাৱনাৰ এক প্ৰতিচ্ছবি

প্ৰথম খবৰ, বৰপেটাৰোড: আজি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা দিন যোৰা কাৰ্যসূচীৰে বৰপেটা জিলাত উপস্থিত হয়। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰনজিৎ কুমাৰ দাসক লৈ  বৰপেটাত উপস্থিত হয়। উপস্থিত হৈ দিনৰ এঘাৰ মান বজাত বৰপেটাস্থিত মেডিকেল কলেজত প্ৰায় ৯ কোটি ব্যয় সাপেক্ষে স্থাপন কৰা এম আৰ আই কক্ষ উদ্বোধন কৰে। আৰু বৰপেটাত কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ ঘোষণা কৰে। তদুপৰি অহা ২০১৮ বৰ্ষত নিৰ্মাণ সম্পূৰ্ণৰ লক্ষ্য নিদ্ধাৰণ কৰে মন্ত্ৰীগৰাকীয়ে।

বৰপেটাৰোডৰ জি এল চি কলেজত চৰকাৰৰ ১ কোটি টকা আৰ্থ সাহাৰ্য্যত নিৰ্মাণ হ’বলগীয়া তিনি মহলীয়া বিল্ডিংৰ আধাৰশিলা স্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই, যাৰ ৫০ লাখ টকা ইতিমধ্যে লাভ কৰিছে কলেজখনে। অন্যহাতে জি এল চি কলেজত বিজ্ঞান শাখা খোলা হ’ব বুলি ঘোষণা কৰে।

বৰপেটাৰোড চিকিৎসালয়ৰ মেৰামতি আৰু উন্নয়নৰ বাবে এক কোটি টকাৰ অনুদান ঘোষণা কৰাৰ লগতে সৰভোগৰ ভুলুকাডোৱাত আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে।তদুপৰি সৰভোগৰ বৰনগৰ কলেজৰ বিজ্ঞান শাখাৰ আনুষ্ঠানিক শুভাৰম্ভ আৰু শিক্ষক -কৰ্মচাৰী সকলৰ নিযুক্তি পত্ৰ বিতৰণ কৰে।
এনেদৰেই মন্ত্ৰীগৰাকী বৰপেটা জিলাত উপস্থিত হৈ ব্যস্ততাৰে পাৰ কৰি পুনৰ সন্ধিয়া উভটি যায় দিছপুৰলৈ। আৰু আঁকি থৈ যায এখনি উন্নয়নৰ ছবি।

Related Articles

Leave a Reply

Close