অসম

নগাঁও জিলাৰ বহু পথৰ শোচনীয় ৰূপ, নিৰ্ধাৰিত সময় ওকলি যোৱাৰ পিচতো সম্পূৰ্ণ হোৱা নাই নিৰ্মাণ-মেৰামতিৰ কাম

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: ব্যাপক দুৰ্নীতিয়ে চানি ধৰিছে নগাঁৱৰ গড়কাপ্তানি বিভাগ। নগাঁও জিলাৰ গড়কাপ্তানি পথ সমূহ নিৰ্মাণত ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পিচত বহু পথৰ অৱস্থা নিৰ্মাণৰ কিছু দিনৰ পিচতেই শোচনীয় হৈ পৰে। তদুপৰি বহুকেইটা পথ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময়সীমা ওকলি যোৱাৰ পিচতো নিৰ্মাণ কাৰ্য শেষ হোৱা নাই।

নগাঁও জিলাত ফখৰুদ্দিন আলী আহমেদ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণ কৰা বহু কেইটা পথৰ নিৰ্মাণৰ সময়সীমা ওকলি যোৱাৰ পিচতো নিৰ্মাণ কাৰ্য সমাপ্ত নোহোৱটো পৰিলক্ষিত হৈছে।নগাঁও জিলা ইনফৰমেশ্যন ফৰামৰ সভাপতি তথা ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি নৰেন্দ্ৰ প্ৰকাশ চৌহানে তথ্যজনাৰ অধিকাৰ আইনৰ জৰিয়তে নগাঁও জিলাত পথ নিৰ্মাণৰ তথ্য লাভ কৰিছিল।

ইয়াৰ পিচতে সংবাদ মাধ্যমৰ তৰফৰ পৰা চৰজমিন অনুসন্ধান চলোৱা হৈছিল এই সম্পৰ্কত।এই অনুসন্ধানত বহু কেইটা পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাটো পোহৰলৈ আহিছে। তথ্যমতে নগাঁও বাৰপূজীয়া পথৰ পৰা জামুগুৰিলৈ ফখৰুদ্দিন আলী আহনেদ পথ পকীকৰণ আঁচনিৰ অধীনত পথ নিৰ্মাণৰ নামত ধন আৱণ্টন হৈছিল। কিন্তু পথটোত ব্যৱহৃত চি চি ব্লক নিম্নমানৰ হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। ইপিনে ভকত গাঁও বজাৰহৈ ভকতগাঁও চাৰিআলিৰ পৰা টকৌবাৰী চাৰিআলি, শিঙিয়াৰ পৰা দ’ গাঁও, ঢাকাইবস্তি গড়কাপ্তানি পথৰ পৰা ডুমডুমীয়া আদি বহু কেইটা পথৰ কাম ২০১৬ চনৰ নৱেম্বৰ-ডিচেম্বৰত শেষ হব লাগিছিল যদিও বৰ্তমানেও শেষ হোৱা নাই।

অন্যহাতেদি ২০১৪-১৫ বিত্তীয় বৰ্ষত বটদ্ৰবা বিধান সভা সমষ্টিৰ অন্তৰ্গত পহুকটা-নসত্ৰ পথটো মেৰামতিৰ বাবে ২১ লাখ টকা আৱণ্টিত হৈছিল।কিন্তু পথটোৰ কোনো বিশেষ মেৰামতি নহল। চৰজমিন অনুসন্ধানত পথটোৰ জৰাজীৰ্ণ ৰূপহে পৰিলক্ষিত হয়। একেদৰে ২০১৪-১৫ বিত্তীয় বৰ্ষত বৰদোৱা-বাৰোৱাটি পথৰ মেৰামতিৰ বাবেও ২০ লাখ টকা আৱণ্টিত হৈছিল। অনুৰূপ ধৰণেৰে ধিং চাৰিআলিৰ পৰা ৰে’লগেইট পৰ্যন্ত পথচোৱা মেৰামতিৰ বাবে ১৮ লাখ টকা আৱণ্টিত হৈছিল।কিন্তু এই পথদুটাৰ ভিতৰত ধিং চাৰিআলিৰ পৰা ৰেইলগেট পৰ্যন্ত এই অংশ নিৰ্মাণৰ পিচতেই এৰাই যায়। সম্প্ৰতি পথচোৱাৰ বহু অংশ জৰাজীৰ্ণ হৈ পৰিছে। দুটাৰ বহু অংশ শোচনীয়। কেৱল এই পথকেইটাৰ ক্ষেত্ৰতে নহয় ধিং পেপাৰ মিলৰ পৰা লহকৰ আদৰ্শগাঁও পৰ্যন্ত এই পথচোৱা নিৰ্মাণৰ বাবে ২০১৫-১৬ বৰ্ষত ৫০ লাখ টকা আৱণ্টিত হৈছিল।

কিন্তু লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য কৰি থকাত বৰ্তমানলৈকে নিৰ্মাণ কাৰ্য বিভাগীয় ঠিকাদাৰে সমাপ্ত কৰিব পৰা নাই। একেদৰে ডিমৌ-ৰাইদঙীয়া পথৰ নিৰ্মাণৰ বাবেও ৫০ লাখ টকা আৱণ্টন হৈছিল যদিও এই পথৰ নিৰ্মাণ কাৰ্যও দীৰ্ঘদিন ধৰি সম্পূৰ্ণ হোৱা নাই। নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হোৱা আৰু মেৰামতি হোৱা বহু পথৰ কাম বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই। ফলত যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে নগঞা ৰাইজে। ইপিনে পথ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱা প্ৰসংগত গড়কাপ্তানি বিভাগ বা সংশ্লিষ্ট ঠিকাদাৰক সুধিলে শিল-বালি আদি পথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰীৰ নাটনি বাবে পথ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱা বুলি দায় সৰা মন্তব্য দিয়ে। কিন্তু ইয়াৰ বিপৰীতে চৰজমিন অনুসন্ধানত ওলোৱা অনুযায়ী এজন ঠিকাদাৰেই একাধিক কামৰ ঠিকা লোৱা বাবে সময়মতে কাম সমূহ সম্পূৰ্ণ কৰিব নোৱাৰে। ফলত পথ নিৰ্মাণ কাৰ্য সময়মতে শেষ নহয়গৈ। নগাঁও জিলাত পথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত এনেধৰনৰ অনিয়ম তথা গাফিলতিৰ ক্ষেত্ৰত বিভাগীয় শীৰ্ষ কৰ্তৃপক্ষ তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যক দৃঢ় আৰু কঠোৰ স্থিতি গ্ৰহনৰ দাবী জনাইছে নগঞা ৰাইজে।

 

Related Articles

Leave a Reply

Close