অসম
নগাঁৱত কেকোসাপ উদ্ধাৰ

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁৱৰ মৰিকলং পাৰত আজি স্থানীয় ৰাইজে এটি কেকোসাপ উদ্ধাৰ কৰে। মৰিকলঙৰ বকুলতলৰ কবি কমল বৰা নামৰ লোকজনৰ ঘৰত আজি পুৱাৰ ভাগত এটি কেকোসাপ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সহযোগত সাপটোক উদ্ধাৰ কৰি বন বিভাগৰ হাতত চমজাই দিয়ে।
এই কেকোসাপটো কেনেকৈ লোকজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে সেয়া তেওঁ নিশ্চিত নহয়। উদ্ধাৰ কৰা কেকোসাপটোৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি বন বিভাগৰ এক সূত্ৰই জানিব দিয়ে।