অসম

নগাঁৱত বৃদ্ধি পাইছে মোবাইল আৰু চেইন চোৰৰ

ননৈৰ পৰা গৌৰাংগ বৰা, প্ৰথম খবৰ: নগাঁও চহৰৰ মাজ মজিয়াত সঘনাই বৃদ্ধি পাইছে চুৰি কাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি ৰাস্তাৰে খোজ কাঢ়ি গৈ থকা যুৱতী, মহিলা ৰ পৰা মোবাইল ফোন, ডিঙিৰ চেইন অথবা বেগ কাঢ়ি লৈ যায় বাইকেৰে অহা কোনো অচিনাক্ত দুষ্কৃকাৰীয়ে।

দূৰ্গা পূজাৰ সময়ত বহু কেইগৰাকী যুৱতীৰ মোবাইল কাঢ়ি নিয়াৰ লগতে কালি সন্ধ্যা নগাঁও মাজৰআটি চাৰিআলিৰ পৰা এগৰাকী যুৱতীৰ মোবাইল কাঢ়ি নিয়ে। আনহাতে উক্ত গাঁওখনৰ পৰা আন এগৰাকী যুৱতীৰ পৰা বেগ কাঢ়ি নিব চেষ্টা কৰিছিল। নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত প্ৰায়ে এনেকুৱা ঘটনা সংঘটিত হবলৈ ধৰিছে। অৱশ্যে আৰক্ষীয়ে এই দুষ্ট চক্ৰক এতিয়াও ধৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে।

 

Related Articles

Leave a Reply

Close