অসম

নগাঁৱৰ ন-মাটিত পৰম্পৰাগতভাৱে কাতি বিহু উদযাপন

বেবেজিয়াৰ পৰা নীলকমল বৰা, প্ৰথম খবৰ: অসমৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাৰ বেবেজিয়াৰ সমীপৱৰ্তী ন-মাটি, হাতীচোং, কুঁজীদাহ, কাকমাৰী, জামুগুৰি ইত্যাদি বিভিন্ন অঞ্চলত অসমীয়াৰ বাপুতি সাহোন কাতি বিহুটি কিছু ব্যতিক্ৰমী তথা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
ন-মাটিৰ যুৱক সকলৰ উদ্যাগত আৰু অঞ্চলৰ ৰাইজৰ সহযোগত ন-মাটি পুথিভঁৰাল প্ৰাঙ্গনত সমূহীয়াকৈ টেঙা খোৱা পৰ্ব অনুষ্ঠিত হয় । অঞ্চলটোৰ লৰাৰপৰা বুঢ়ালৈকে সকলো বয়সৰ লোকে এই কার্যসূচীত অংশগ্ৰহণ কৰে।

ইয়াৰ সমান্তৰালভাৱে বিভিন্ন খেল-ধেমালিও অনুষ্ঠিত কৰা হয়। অঞ্চলটোত পুৱাৰ পৰাই ৰাইজৰ মাজত তীব্ৰ উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা যায়। ইফালে অঞ্চলটোৰ বিভিন্ন নামঘৰসমূহতো বিহু উপলক্ষে নাম-কীৰ্তন অনুষ্ঠিত কৰা হয়।

Related Articles

Leave a Reply

Close