অসম

নগাক এক ইঞ্চিওঁ মাটি নিদিয়াৰ হুংকাৰ কৃষক মুক্তিৰ

তিতাবৰৰপৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ তীব্র বিৰোধিতাৰে শুক্ৰবাৰে তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সীমান্তৰ ৰাইজে এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কেন্দ্ৰীয় চৰকাৰখনে এন এচ চি এনৰ সৈতে হোৱা গোপন চুক্তি ৰাজহুৱা কৰাৰ দাবী তোলাৰ লগতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰখনকো তীব্ৰ সমালোচনা কৰিছে সীমান্তৰ জনতাই। নাগা ফ্ৰেমৱৰ্ক চুক্তি বিজেপি চৰকাৰৰ এক জাতিদ্ৰোহী সিদ্ধান্ত, আৰু কেন্দ্ৰীয় চৰকাৰৰ এই অবিবেচক সিদ্ধান্তই অসমৰ ভৌগোলিক সীমাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অানিব বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ কাৰ্যসূচীৰ হুংকাৰ প্ৰদান কৰিছে। এই ভয়াৱহ সিদ্ধান্তৰ বিৰুদ্ধে জাতি মাতি ভেটি ৰক্ষাৰ সংকল্প লৈ শাসনলৈ অহা সোণোৱাল চৰকাৰখনে মৌনতাৰে সমৰ্থন দিয়া কাৰ্যক দুৰ্ভাৰ্গ্যজনক আখ্যা দিছে সীমান্তৰ জনতাই।

কেন্দ্ৰ আৰু NSCN(IM) ৰ এই ভয়ানক চুক্তিৰ বিৰোধিতাৰ উদ্দেশ্যে ৰাজ্যবাসীক মাৰবান্ধি ঠিয় হ’বলৈ আহ্বান জনাই কোনো কাৰণতেই অসমৰ এচপৰাও মাটি নগাক এৰি দিয়া নহ’ব বুলি হুংকাৰ দিছে সংগঠনটোৱে। উল্লেখ্য যে, নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কাৰ্যকৰী হ’লে অসমৰ বৃহৎ ভূ-খণ্ড নাগালিমত অন্তৰ্ভূক্ত হ’ব। যাৰ ফলত উদ্বিগ্ন হৈ পৰিছে সীমান্তৰ জনতা। অসম নগালেণ্ড সীমান্তৰ ফুলবাৰীস্থিত মেডেলুৱাজান চাৰিআলি অনুষ্ঠিত হোৱা বিশাল প্ৰতিবাদী জনসভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা, সম্পাদক ধৈৰ্য কোঁৱৰ, যোৰহাট জিলা সমিতিৰ সম্পাদক অৰিন্দম গগৈ, তিতাবৰ মহকুমা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে ৰাজীৱ চুতীয়া আৰু প্ৰমোদ গগৈয়ে অংশ গ্ৰহণ কৰি ৰাজ্যত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close