অসম

নলবাৰীক স্বচ্ছ কৰাৰ অংগীকাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসৰ

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ ‘স্বচ্ছ ভাৰত অভিযান ‘ নলবাৰী জিলাটো যথাযোগ্যভাৱে সফল কৰাত মনোনিবেশ কৰিছে নলবাৰীৰ নৱ নিযুক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে। মনকৰিবলগীয়া যে ২০ অক্টোবৰত নলবাৰীত যোগদান কৰা এ চি এছ বিষয়া উপায়ুক্ত দাসে ইতিমধ্যে সংশ্লিষ্ট বিভাগসমূহক জিলাখনত স্বচ্ছ ভাৰত অভিযান সফল কৰাৰ জৰুৰী নিৰ্দেশ দিছে। বিশেষকৈ জিলাখনৰ সদৰ নলবাৰী চহৰক চাফ চিকুণ কৰি ৰখাৰ বাবে উপায়ুক্তজনে গুৰুত্ব দিয়াত আগতকৈ নলবাৰী পৌৰসভা অধিক তৎপৰ হৈ পৰিছে।

উপায়ুক্তগৰাকীৰ দায়িত্বশীল চিন্তা চৰ্চাৰ বাবে পৌৰসভাৰ কাৰ্যবাহী বিষয়া সঞ্জীৱ কুমাৰ বৰা, পৌৰপতি বিপাশা দাস, সহকাৰী অভিযন্তা গিয়াছ আলীয়ে চহৰ খনত চাফাই অভিযান চলাই আছে। জানিব পৰা মতে, আগন্তুক সময়ত উপায়ুক্তজনে চহৰখনৰ কৃত্ৰিম বানপানীৰ পৰাও মুক্ত কৰাৰ পৰিকল্পনা কৰিছে। তদুপৰি জিলাখনৰ বিভাগ সমূহতো স্বচ্ছতা অনাৰ বাবে পদক্ষেপ শীঘ্ৰেই ল’ব বুলি জনা গৈছে। যাৰ ফলত এচাম দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী শংকিত হৈ পৰিছে। মুঠতে যোগদান কৰাৰ এসপ্তাহৰ ভিতৰত উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে যি কৰ্ম তৎপৰতা দেখুৱাইছে নলবাৰীৰ সচেতন ৰাইজে প্ৰশংসা কৰিছে।

Related Articles

Leave a Reply

Close