অসম

নলবাৰীত নাৰ্ছিং হোষ্টেলৰ ছাত্ৰী নিবাসৰ পানী যোগান আঁচনিৰ শুভ উদ্বোধন

প্ৰথম খবৰ , নলবাৰী: আজি নলবাৰী নাৰ্ছিং হোষ্টেলৰ ছাত্ৰী নিবাসৰ পানী যোগান আঁচনি খনৰ শুভ উদ্বোধন কৰা হয়। নলবাৰী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক চিত্তৰঞ্জন পাঠক সহ কেইবাজনো বিষয়াৰ উপস্থিতিত আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। উদ্বোধনী অনুষ্ঠানত ভাষন ৰাখি বিধায়ক শৰ্মাই কয় যে নলবাৰী নাৰ্ছিং হোষ্টেলৰ এটা দীৰ্ঘদিনীয়া অভাব পূৰণ হ’ল।

ৰাজ্য চৰকাৰে সকলো ক্ষেত্ৰতে উন্নয়ন -বিকাশ হোৱাটো বিচাৰিছে। আমিও বিধায়ক হোৱাৰ পৰাই নলবাৰী সমষ্টিৰ উন্নয়নত মনোনিবেশ কৰিছো। আগন্তুক সময়ত ৰাইজে নলবাৰীৰ বিভিন্ন ধৰণৰ সুফল লাভ কৰিব বুলিও দোহাৰে বিধায়ক গৰাকীয়ে। অনুষ্ঠানত নলবাৰী পৌৰসভাৰ সভানেত্ৰী বিপাশা দাস উপস্থিত থাকে।

Related Articles

Leave a Reply

Close