অসম

নলবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ দক্ষিণ প্ৰান্তৰ বগলচ ৰোড চ’কত নিশা বিজুলী পৰিবাহী তাঁৰত হঠাৎ বিজুটি ঘটি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিতত হয়। জানিবপৰামতে, বগলচ ৰোড চকৰ জোন শৰ্মা মালিকাধীন তথা অৰুণোদয় কেন্দ্ৰ নামৰ কম্পিউটাৰ দোকান খনত এই অগ্নিকাণ্ড সংঘটিত হয়। যাৰ ফলত প্ৰায় দুইলাখ টকাৰ কম্পিউটাৰ সামগ্ৰীসহ আন বহুটো সামগ্ৰী জুইত জাহ যায়। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমুৱাই আৰু কাষৰ দোকানসমূহত জুইৰ লেলিহান শিখাৰ দপদপনিৰ পৰা ৰক্ষা কৰে।

Related Articles

Leave a Reply

Close