অসম

নলবাৰী বালিলেছাৰ সভাত দিগন্ত বৰ্মন 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি পূৱ নলবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত তথা দুই নং মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত নলবাৰীৰ বালিলেছাৰ খাটা মৌজা কালী মন্দিৰ হাইস্কুল প্ৰাংগনত কংগ্ৰেছ দলৰ এখন কৰ্মী সভা অনুষ্ঠিত হয়। কংগ্ৰেছ নেতা অনিল মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, যুৱনেতা মজিৱ আলী, দিব্যজ্যোতি হালৈ আন কেইবাজনো নেতা সহ দুই শতাধিক লোক উপস্থিত থাকে।

সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে ভাষন ৰাখি কয় যে দেশ-ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে উন্নয়নত ব্যৰ্থ হৈছে। বিগত কংগ্ৰেছৰ শাসন কালত বহুত উন্নয়ন হৈছিল। এতিয়া মাথো কংগ্ৰেছে আগবঢ়াই যোৱা কাম সমূহ বিজেপিয়ে কৰি আছে। মাত্ৰ ডেৰবছৰত বিজেপিৰ প্ৰতি মোহভংগ হৈছে ৰাইজৰ। ধনীক শ্ৰেণীৰ স্বাৰ্থ সিদ্ধিৰ বাবে জি এছ টি, বিমুদ্ৰাকৰণ আদিকে ধৰি বিভিন্ন জনবিৰোধী কাম-কাজ আৰম্ভ কৰিলে।শেহতীয়াকৈ এন আৰ চিৰ নামটো কূটিল ৰাজনীতি আৰম্ভ কৰিছে বিজেপি। গতিকে আমাৰ কংগ্ৰেছ কৰ্মী সকলে কোনো চিন্তা কৰাৰ কাৰণ নাই। আগন্তুক পঞ্চায়ত নিৰ্বাচনত দেখিব ৰাজ্যত অধিকাংশ আসনতে কংগ্ৰেছ প্ৰাৰ্থী জয় হৈছে। মাথো দলীয় নেতা -কৰ্মী সকলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জয় হোৱাৰ বাবে এতিয়াৰ পৰা দলৰ সাংগঠনিক ভেটি মগজুত কৰাত মনোনিবেশ কৰক।

সভাত কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞাই ভাষন ৰাখি কয় -বিজেপিয়ে মাথো কংগ্ৰেছে গ্ৰাম্যাঞ্চলৰ নিবনুৱাৰ সংস্থাপনৰ বাবে প্ৰণয়ন কৰা এম জি এনৰেগা আঁচনিৰ পথ কেইটামানৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিয়েই বাহ বাহ লৈছে। তাৰবাদে বিশেষ একো উন্নয়ন মূলক কাম কৰিব পৰা নাই। গেৰুৱা দলটোই নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালনত প্ৰায়ে ব্যৰ্থ হৈছে। ইয়াৰ উত্তৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজে দিব। বৰ্তমানে আমাৰ কংগ্ৰেছ কৰ্মী সকলে বিজেপিৰ জনবিৰোধী কাম কাজ তথা উন্নয়নৰ ব্যৰ্থতা সমূহ ৰাইজৰ মাজত লৈ যাওক আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হক বুলি দোহাৰে ভূঞাই।

Related Articles

Leave a Reply

Close