অসম

নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ

নলবাৰীৰপৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: উচ্চ শিক্ষাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নলবাৰী মহাবিদ্যালয়ৰ সদ্য নিৰ্বাচিত ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে মঙলবাৰে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক গোস্বামী, ছাত্ৰ একতা সভাৰ তত্বাৱধায়ক, কেইবাজনো অধ্যাপকক, অধ্যাপীকা, প্ৰৱক্তাসহ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

অনুষ্ঠানত মহাবিদ্যালয়ৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক মানস জৌতি তালুকদাৰে ভাষনত কয় যে, আজিৰ পৰা মহাবিদ্যালয়খনৰ প্ৰতি আমাৰ দায়িত্ব বাঢ়িল। যিকোনো অভাৱ -অভিযোগ, সমস্যা সমাধানৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সমাজে আমাক সহযোগ আগবঢ়াব বুলি আশা ৰাখিলো। মই নহয়, আমি হিচাপেহে সকলো কাৰ্যসূচী তথা কাম- কাজ কৰিবলৈ আমি দায়বদ্ধ বুলিও নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক তালুকদাৰে প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close