অসম

নাগাফেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবীত এন এছ ইউ আইৰ অৱস্থান ধৰ্মঘট

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নাগা ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবীৰ লগতে অসমৰ মাটি নাগালেণ্ডক এৰি নিদিয়াৰ দাবীত আজি কংগ্ৰেছৰ ছাত্ৰ সংঘঠন এন এছ ইউ আইৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

অৱস্থান ধৰ্মঘট কাৰী সকলে বিজেপি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দিয়ে। অসমৰ মাটি কোনো কাৰণতে নাগালেণ্ডক এৰি দিয়া নহ’ব বুলি অৱস্থান ধৰ্মঘটকাৰীসকলে হুংকাৰ দিয়ে।

 

Related Articles

Leave a Reply

Close