অসম
নাজিৰাত অএনজিচি মুখ্য কাৰ্যালয় আছুৰ ধৰ্ণা কাৰ্যসূচী

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: শুকুৰবাৰে অএনজিচি অসম সম্পদৰ মুখ্য কাৰ্যালয় প্ৰৱেশদ্বাৰৰ শিৱসাগৰ জিলাৰ ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অএনজিচিত চলি থকা নিবিদা ছিণ্ডিকেট, থলুৱা নিযুক্তি আৰু উন্নত মানদণ্ডৰ চিকিৎসালয় নিৰ্মাণত হেমাহি হোৱা অভিযোগ তুলি সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী হাতত লয়। নাজিৰাস্থিত অএনজিচি মুখ্য কাৰ্যালয় প্ৰবেশদ্বাৰৰ সন্মুখত আছু কেন্দ্ৰীয় সমিতি সম্পাদক লুৰিণজ্যোতি গগৈ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত এখন স্মাৰক পত্ৰ যোগেদি অএনজিচি কৰ্তৃপক্ষক স্থিতু স্পষ্ট কৰিবলৈ দাবী জনায় সংগঠনটোৱে। লগতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ দুমুখীয়া নীতি বন্ধ কৰি ছিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে সম্পাদক লুৰিণজ্যোতি গগৈয়ে।