অসম

নামতিমুখ নামতিয়ালৰ ধৰ্মপ্ৰাণ ব্যক্তি সৰুচৰাই শইকীয়াৰ দেহাৱসান

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: আজি পুৱা ৫.৩০ বজাত শিৱসাগৰ জিলাৰ হাফলুটিঙৰ নামতিমুখ নামতিয়াল গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তি সৰুচৰাই শইকীয়াৰ নিজা বাসগৃহতে দেহাৱসান ঘটে৷ শতায়ু গাৰকা শইকীয়াই বাৰ্দ্ধক্য জনিত কাৰণতে ইহলীলা সম্বৰণ কৰে৷

উল্লেখ্য গায়েন-বায়েনৰ লগত জৰিত হৈ বৃহত্তৰ হাফলুটিঙ অঞ্চলৰে এগৰাকী মহাপুৰুষীয়া সাংস্কৃতিক কৰ্মী হিচাবে পৰিচিত শইকীয়াই মৃত্যুৰ সময়ত তিনিগৰাকী পুত্ৰ, তিনি গৰাকী বোৱাৰী, নাতি-নাতিনী সহ পৰিয়াল স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে৷ ধৰ্মপ্ৰাণ ব্যক্তি গৰাকীৰ মৃত্যুত স্থানীয় ৰাইজৰ লগতে নামতিমুখ আঞ্চলিক কলা-কৃষ্টি কেন্দ্ৰ, হাফলুটিং আঞ্চলিক অসম যুৱ পৰিষদ, আমগুৰি অগপ, বিধায়ক প্ৰদীপ হাজৰিকা আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

 

Related Articles

Leave a Reply

Close