অসম

নামনি সোৱণশিৰি প্ৰকল্পৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰন কলিকতা শাখাৰ গুৰুত্বপূৰ্ণ ৰায়

প্ৰথম খবৰ, চিচিবৰগাঁও: আজি নামনি সোৱণশিৰি প্ৰকল্পৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰন কলিকতা শাখাৰ JM S. P Wangdi and EM Dr. PC Mishra ই দিয়া ৰায় অনুসৰি, MoEFCC, GoI য়ে একমাহৰ ভিতৰত তিনিজনীয়া এখন বিশেষজ্ঞ কমিটি বনাব লাগিব, এই কমিটিয়ে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দিব লাগিব, তিনিজনীয়া কমিটিত উত্তৰপূৰ্বাঞ্চলৰ এজন থকাটো উচিত, Geology, Seismology and Hydrology ৰ একোজনকৈ বিশেষজ্ঞ হব লাগিব,কমিটিয়ে পূৰ্বৰ সকলো বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন অধ্যয়ন কৰিব লাগিব, প্ৰকল্পস্থলীলৈ এই কমিটি নিজে যাব লাগিব আৰু প্ৰয়োজন অনুসৰি সংশ্লিষ্ট পক্ষৰ লগত কথা পাতিব লাগিব।

উল্লেখ্যযোগ্য যে, অত দিনে আছুৰ লগতে অন্যান্য জাতীয় সংগঠন, অসমৰ বিশেষজ্ঞ আৰু ৰাইজে নদী বান্ধৰ ক্ষেত্ৰত কৈ থকা কথা বিলাক যে বিজ্ঞানসন্মত, যুক্তিপূৰ্ণ আৰু সত্যই পুনৰবাৰ প্ৰমাণিত হ’ল।

Related Articles

Leave a Reply

Close