অসম

নিজ মাতৃয়ে বিক্ৰী কৰিলে সন্তানক, গাঁৱৰ ৰাইজে লপা থপা দি চমজাই দিলে আৰক্ষীক

বিশ্বনাথ চাৰিআলিৰ পৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: এগৰাকী মাতৃয়ে নিজৰেই সন্তানক বিক্ৰী কৰাৰ দৰে এক জঘন্য ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ জপৌবাৰী গাঁৱত। ঘটনা অনুসৰি জপৌবাৰী গাঁৱৰ ডলি ওৰাং নামৰ বিধবা মহিলা গৰাকীৰে দীৰ্ঘদিন ধৰি সম্পৰ্ক আছিল ফাৰহাদ চিকদাৰ নামৰ সেউজপুৰৰ যুৱকজনৰ লগত। ঘৰলৈও অহা যোৱা কৰিছিল ফাৰহাদে। শনিবাৰে ফাৰহাদৰ লগত নিজৰ তিনি বছৰীয়া কণ্যা সন্তানক লগত লৈ ডলী অৰুণাচললৈ গৈছিল যদিও উভতি আহিছিল অকলে। গাঁৱৰ ৰাইজৰ সন্দেহ হোৱাত পুৱা সোধা পোছা কৰাত ঘটনাই বেলেগ ফালে গতি লয়।

ডলিয়ে ফাৰহাদ নামৰ যুৱকজনৰ সৈতে মিলি নিজৰেই ৩ বছৰীয়া কন্যা সন্তানক অৰুণাচলত ১০ হাজাৰ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱৰ ৰাইজে। আনকি উত্তেজিত ৰাইজে লপা থপাও দিয়ে ডলি ওৰাংক। নিজৰ কন্যা ঈশ্বিতা ওৰাংক ওভতাই আনিব নোৱাৰিলে জপৌবাৰী গাৱত ডলিৰ প্ৰৱেশ নিশিদ্ধ কৰিছে গাঁওবাসীয়ে। আনহাতে ডলি ওৰাঙে এই সমগ্ৰ অভিযোগ অস্বীকাৰ কৰি ফাৰহাদে চলনা কৰি নি ঈশ্বিতাক অৰুণাচলত বিক্ৰী কৰাৰ কথা উল্লেখ কৰিছে।

ফাৰহাদে কাম কৰিবলৈ অৰুণাচললৈ চলনা কৰি নি তিনি বছৰীয়া কন্যা সন্তানটিক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ডলীয়ে। উল্লেখ্য যে ফাৰহাদৰ নাম ইতিপূৰ্বে বহু কেইটা অপৰাধজনীত গোচৰৰ লগত সাঙোৰখাই আছে। ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডলীক আটক কৰাৰ লগতে ফাৰহাদক বিচাৰি অভিযান আৰম্ভ কৰিছে।

 

Related Articles

Leave a Reply

Close