কবিতাসাহিত্য

পথাৰখন গাভৰু হৈছে

মৃদুপবন চুতীয়া:

পথাৰখন গাভৰু হৈছে
লহ্পহ্কৈ বাঢ়িছে
লাস্যময়ী পথাৰৰ দেহৰ ভৰ
আহিনৰ প্ৰণোচ্ছল পথাৰ
যৌৱন ওফন্দা ভৰুণ পথাৰ।

যৌৱন উচ্ছল
মনবোৰো চঞ্চল
দেহৰ ভাজে ভাজে
কুন্দত কটা ধুনীয়াবোৰে
লুকা-ভাকু খেলে
আহিনৰ দেহত
এপাহ ৰক্তজৱা ফুলে।

লাজত ৰঙা-চিঙা পৰি
দোখাই পৰিছে
গোটেই পথাৰখন
সেউজীয়া ওপচা
ভৰুণ দেহা
মেৰিয়াই বান্ধিলেও
বাৰে বাৰে খহিছে
সেউজীয়া চাদৰখন।

সন্ধিয়া গোপনে গোপনে
পথাৰখনৰ জোনাক-চুপতি !
আভৰণ খুলি
ওৰেটো ৰাতি
গাধোৱে নিয়ৰত তিতি
আজিৰ পথাৰত
ৰূপালী সাগৰ নে
সৰগৰ ডাৱৰ ?

মাজে মাজে
এজাক উতনুৱা বতাহৰ
চেঙেলীয়া অতপালি,
চুই চায় চুমা খায়
পথাৰৰ জালি-কটা যৌৱন
উকিয়াই কিৰিলিয়াই
উভতি চাই সুহুৰিয়াই ।

শেষ ৰাতিৰ জোনে
শুকুলা মেঘৰ আঁৰত
লাজতে মুখ লুকুৱাই
মাথোঁ মিচিকিয়াই –
আহিনৰ পথাৰৰ
জোনাকৰ নৈত
যৌৱনবোৰ উজাইছে …।

Related Articles

Leave a Reply

Close