অসম

পশুধন গৱেষণা কেন্দ্ৰৰ পৃষ্ঠপোষকতাত জালুকবাৰীত এদিনীয়া ‘ৰাঁজমাহ আৰু আলুখেতিৰ প্ৰশিক্ষণ’ কাৰ্যসূচী

নগৰবেৰা পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: ১৯৬৯ চনত যোৰহাটত স্থাপিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ে ৰাজ্যত কৃষি সম্বন্ধীয় শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ ওপৰি লোক প্ৰশাসন, বন, বেংক, উদ্যোগ, বিভিন্ন সেৱা খণ্ডৰ বাবে কুশলী মানৱ সম্পদ সৃষ্টি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উপযোগী কৃষি প্ৰযুক্তি উদ্ভাৱন আৰু উদ্ভাৱিত প্ৰযুক্তিৰ পৰীক্ষণ, প্ৰদৰ্শন আৰু প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে কৃষি অৰ্থনীতিলৈ আৰু সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনলৈ বলিষ্ঠ বৰঙনি আগবঢ়াই আহিছে৷

সম্প্ৰতি অসম কৃষি বিশ্ববিদ্যালয় শাখা-প্ৰশাখাৰে পৰিৱেষ্টিত এক বিশাল মহীৰূহত পৰিণত হৈছে৷ তাৰে পৰিপ্ৰেক্ষিতত ১৯৮১ চনত কামৰূপ জিলাৰ হেকেৰাত পশুধন কেন্দ্ৰিক কৃষি ব্যৱস্থাৰ উদ্ভাৱনৰ লক্ষৰে স্থাপন কৰা পশুধন গৱেষণা কেন্দ্ৰৰ পৃষ্ঠপোষকতাত আজি বকো সমষ্টিৰ অন্তৰ্গত ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম ৰাভা জনগোষ্ঠীৰে পৰিৱেষ্টিত হৈ থকা অঞ্চল হিচাপে পৰিচিত জালুকবাৰী গাঁৱত জনজাতি উপ আঁচনি, ২০১৬-২০১৭ বৰ্ষৰ অধীনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ৰাঁজমাহ আৰু আলুখেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰায় চাৰিকুৰি খেতিয়কে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ আঁত ধৰে পশুধন গৱেষণা কেন্দ্ৰৰ কৃষি বিজ্ঞানী ড০ মুকুল কলিতাই আৰু সভাৰ উদ্দেশ্য ব্যাখা আগবঢ়াই মুখ্য বিজ্ঞানী ড০ অতুল কুমাৰ বৰ্মনে। কৃষিৰ বিজ্ঞানসন্মত অধ্যয়ন তথা গৱেষণাৰে কৃষিক্ষেত্ৰৰ পৰা হ’ব পৰা লাভাম্বিত তথা গুণাগুণ সম্পৰ্কে তেখেতৰ ব্যক্তব্য দাঙি ধৰে। পৰৱৰ্তী সময়ত কৃষি বিজ্ঞানী ড০ মুকুল কলিতাই ৰাঁজমাহৰ খেতিৰ হ’ব পৰা লাভালাভ, জৈৱ সাৰৰ ব্যৱহাৰ, পদ্ধতি আৰু ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ জৰিড়তে কিদৰে আৰ্থিক ভেটি টনকিয়াল কৰিব পাৰি তাৰ সন্দৰ্ভত সাৰুৱা বক্তব্য ৰখাৰ পিছতে নৃপনজ্যোতি দত্তই উদ্যান শস্যৰ দ্বাৰা স্বাৱলম্বন আৰু ইয়াৰ ৰোগ প্ৰতিকাৰৰ উপায়, অমৃত কুমাৰে ৰাজ্যৰ বাহিৰৰ কৃষকসকলৰ সৈতে সাক্ষাত কৰি উদ্যান শস্যৰ জৰিড়তে হোৱা এটা থুলমুল আভাস আৰু বিজ্ঞানী অজয় কুমাৰ বৰাই আলু খেতিৰ মাটি নিৰ্বাচন আৰু প্ৰস্তুতি, জাত আৰু বীজ নিৰ্বাচন, ৰোৱা পদ্ধতি, সাৰ প্ৰয়োগ আৰু মধ্যকালীন পৰিচৰ্যাৰ সন্দৰ্ভত মন্তব্য ৰাখে।

উল্লেখ্য যে, কাৰ্যসূচীৰ মাজতে বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰহাস্থিত মীন মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিকৰ পাঠ্যক্ৰমৰ আধাৰত কেন্দ্ৰটোত গৱেষণাৰ সম্পৰ্কত সমন্বয়ক তথা মীন বিজ্ঞানী জ্যোতিস্মিতা ঠাকুৰীয়াৰ নেতৃত্বত অহা পাঁচজন ছাত্ৰ ক্ৰমে কংকনজ্যোতি ভূঞা, লুকাচ, নিচি শৰ্মা, কংকনা দাস আৰু চিল্পা এচ. এ উপস্থিত থাকি কৃষকসকলৰ সৈতে মত বিনিময় কৰি মীন ক্ষেত্ৰত থলুৱা প্ৰয়োগিক জ্ঞানৰ সন্দৰ্ভত থূলমুল আভাস দি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।

Related Articles

Leave a Reply

Close