অসম

পুনঃ জীৱন লাভ কৰিও প্ৰতিশ্ৰুতি পালন নকৰিলে চিলাপথাৰৰ নিবাসী ডা:পবিত্ৰপ্ৰাণ বৰুৱাই

প্ৰথম খবৰ, চিচিবৰগাঁও: পুনৰ জীৱন ঘূৰাই দিয়া ডিব্ৰুগড়ৰ দৰিদ্ৰ পৰিয়ালৰ এজন লোকক প্ৰতাৰণা কৰিলে চিলাপথাৰৰ নিবাসী ডা:পবিত্ৰপ্ৰাণ বৰুৱাই। ডিব্ৰুগড়ৰ মিলন নগৰৰ নিবাসী পাৰ্থজিৎ শইকীয়া নামৰ যুৱকজনৰ পৰা এটা বৃক্ক গ্ৰহণ কৰিপ্ৰতিশ্ৰুতি অনুযায়ী এটা বৃক্কৰ বিনিময়ত ল’ৰাজনক পাঁচ লাখ টকা দিয়াৰ চুক্তি কৰিছিল। কিন্তু আজিকোপতি যুৱকজনক দিবলগা পাঁচ লাখ টকা দিয়াটো দূৰৈৰ কথা যোগাযোগ কৰা নাই দুৰ্ভগীয়া যুৱকজনৰ সৈতে।

জানিব পৰা মতে, চুক্তি অনুসৰি যোৱা মে’ মাহত কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ চিকিৎসালয়ত বৃক্ক স্থানান্তৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল। তাৰ পাছতেই যুৱকজনক ৰেলযোগে পঞ্চাশ হাজাৰ টকা দি ডিব্ৰুগড়লৈ ওভতাই পঠাইছিল। ৰে’লযোগে এই বৃহৎ ধনৰাশি অনাৰ অপাৰগতা প্ৰকাশ কৰি যুৱকজনে ডিব্ৰুগড়লৈ ওভতি আহিছিল। এতিয়া দূৰ্ভগীয়া পৰিয়ালটোৱে ডিব্ৰুগড়ৰ চৌকিদিঙিৰ পদপথত এখন চাহৰ দোকান দিয়েই পৰিয়াল পোহপাল দিবলগা হৈছে। ফোন কৰিও কোনো যোগাযোগ কৰিব নোৱৰা অসহায় আৰু দূৰ্ভগীয়া তথা দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া আইনৰ কাষ চাপিবলৈ বাধ্য হৈছে।
উল্লেখ্য যে, এজন উচ্চশিক্ষিত ব্যক্তিয়ে নিজৰ জীৱনটোক বিপদলৈ ঠেলি আনৰ জীৱন উভতাবলৈ যোৱা যুৱকজনক কৰা এই প্ৰতাৰণা আৰু প্ৰৱঞ্চনাক এতিয়া সচেতন মহলে কঠোৰভাৱে নিন্দা কৰিছে আৰু দোষীক উপযুক্ত শাস্তিৰ দাবী তুলিছে।

Related Articles

Leave a Reply

Close