অসম
পূৰ্ণদৈচপৰাৰ এগৰাকী মহিলা সন্ধানহীন

প্ৰথম খবৰ, বৰভাগঃ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত পূৰ্ণদৈচপৰা গাঁৱৰ গোপী লহকৰৰ পত্নী লীলাপ্ৰভা লহকৰ ২৯অক্টোবৰৰ পৰা নিখোজ হৈ আছে। প্ৰাপ্ত খবৰ অনুসৰি লীলাপ্ৰভা লহকৰ গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আছিল আৰু ২৯ তাৰিখে নিশা ১০:৩০ বজাত নিজ ঘৰৰ পৰা ওলাই যায়৷
কন্যাৰ ভাষ্য অনুসৰি, বহুদিন ধৰি পৰিচালনা সমিতিয়ে মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল আৰু তাৰ বাবে এনে কৰিলে বুলি কয়৷ ঘগ্ৰাপাৰ অাৰক্ষী থানাত গোচৰ দিছে যদিও এইপৰ্যন্ত একো সম্ভেদ লাভ কৰা নাই ৷