অসমশীৰ্ষ

প্ৰথম খবৰৰ বাতৰিৰ প্ৰভাৱ, অবৈধ কাঠমিল-চোৰাংকাঠ জব্দ প্ৰশাসনৰ

প্ৰথম খবৰ, চাবুৱা: বনবিভাগত পৰিৱৰ্তন অনাৰ শ্লোগান দি বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰক্ষ্মই বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই চোৰাং কাঠ ব্যৱসায়ৰ ৰম্যভূমিত পৰিণত হৈছিল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা। ব্যাপক ৰূপত বন বিভাগৰ চকুৰ সন্মুখতে চোৰাং কাঠৰ ৰমৰমীয়া বেপাৰ অব্যাহত থকাৰ বাতৰি প্ৰথম খবৰত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱাৰ পাছত বন বিভাগে বহু ঠাইত মিলসমূহ বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছিল। লগতে কেইদিনমান কাঠৰ চালি সৰবৰাহ কৰা বন্ধ ৰাখিছিল যদিও পুনৰ তিনিচুকীয়া ডিব্ৰু নৈ আৰু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি দিনে-নিশাই চোৰাং কাঠ সৰবৰাহ হৈ আছিল চোৰাং কাঠৰ চালি।

জানিব পৰামতে, বন বিভাগ আৰু আৰক্ষীৰ কমিছনৰাজত একাংশ কুখ্যাত চোৰাং কাঠ মাফিয়াই অৰুণাচল প্ৰদেশৰ লগতে বহু অঞ্চলৰ মূল্যৱান গছসমূহ কাটি একাংশ বৃহৎ অসাধু ব্যৱহায়ীয়ে চোৰাং কাঠৰ সৰবৰাহ কৰি বহুদিনৰ আগৰ পৰাই এক ৰমৰমীয়া ব্যৱহায় চলাই আহিছে। ইফালে ডিব্ৰু চৌখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ চকুৰ সন্মুখেৰেই কাঠৰ চালি সমূহ সৰবৰাহ হৈ আহিছে। এই সকলোবিলাক দেখিও কেইটামান কাঠৰ মিল বন্ধ কৰিয়েই বন বিভাগে সংবাদমাধ্যমৰ চকুত ধূলি মাৰিব খোজাৰ বাতৰি প্ৰথম খবৰত প্ৰকাশ পোৱাৰ পিছতেই বহুতো দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বনমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছিল।

তাৰ পিছতেই যোৱা কালি চাবুৱা ৰাজহ চক্ৰৰ অন্তগৰ্ত বগৰীতলীয়া অঞ্চলত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰবীন দাস, চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ লগতে বন বিভাগৰ নেতৃত্বত বৃহৎ পৰিমাণৰ চোৰাংকাঠ আৰু কেইবাটাও কাঠমিল জব্দ কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close