অসমশীৰ্ষ

প্ৰথম খবৰৰ বাতৰিৰ প্ৰভাৱ, পুত্ৰই বিচাৰি পালে হেৰুৱা পিতৃৰ সন্ধান

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: নিশা টীয়ক অঞ্চলত এজন ৬০ উৰ্দ্ধৰ ব্যক্তি অকলশৰে ৰাজপথত ঘুৰি থকা অৱস্থাত এজন ব্যক্তিক টীয়ক আৰক্ষীয়ে আশ্ৰয় দিছিল৷ এই বাতৰি সবিস্তাৰে প্ৰথম খবৰত নিশাই বাতৰি প্ৰকাশ পোৱাত আৰু স্থানীয় সমাজ সচেতন ব্যক্তিয়ে ছচিয়েল মেডিয়াত ব্যক্তিজনৰ পৰিচয়ৰ বাবে কৰা তৎপৰতাত নিশাই পুত্ৰই হেৰুৱা পিতৃৰ সন্ধান লাভ কৰে৷

নিশাই তেখেতৰ পুত্ৰই আহি পিতৃক টীয়ক থানাৰ পৰা ঘৰলৈ লৈ যায়। মানুহজনৰ নাম জিতেন হাজৰিকা বুলি জানিব পৰা গৈছে । মানুহজনৰ ঘৰ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ কাড়িগাঁৱত। পুত্ৰই প্ৰশাসনক জনোৱা মতে মানুহজনে কাণেৰে সম্পূৰ্ণ ৰূপে নুশুনে। তাৰোপৰি স্বাস্থ্যৰ অৱস্থাও বেয়া।

Related Articles

Leave a Reply

Close