অসম

প্ৰধানমন্ত্ৰী-কেন্দ্ৰীয় শক্তিমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত লখিমপুৰত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ, লখিমপুৰঃ শেহতীয়াকৈ এনএইচপিচিয়ে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰাৰ পিছতে এনএইচপিচিয়ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।

আজি উত্তৰ লথিমপুৰ নগৰৰ খেলমাটিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় শক্তিমন্ত্ৰী পিয়ুষ গোৱেল মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এনএইচপিচিৰ প্ৰতিকৃতি দাহেৰে পৰিষদে, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱা পৰ্যন্ত নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প বন্ধৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শেষ বিন্দু তেজ থকালৈকে লখিমপুৰ, মাজুলী, ধেমাজিকে ধৰি নামনিবাসী ৰাইজৰ জীৱন সম্পত্তি বিনষ্টকাৰী তথা অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব পৰা নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাম পুনৰ আৰম্ভ কৰিবলৈ দিয়া নহয় বুলি স্পষ্ট কৰি দিছে।

Related Articles

Leave a Reply

Close