Uncategorizedঅসম

বঙাইগাঁৱত অঘটন, বিদ্যুতৰ তাঁৰত লাগি কাঠমিস্ত্ৰীৰ থিতাতে নিহত

বঙাইগাঁৱৰপৰা প্ৰশান্ত ৰায়, প্ৰথম খবৰ: টি আৰ পি মন্ত্ৰী পল্লোৱ লোচন দাসৰ বিদ্যুৎ বিভাগত পুনৰ অঘটন ঘটিল বঙাইগাঁৱত৷ বিদ্যুতৰ তাঁৰত লাগি থিতাতে নিহত হ’ল বঙাইগাঁৱৰ এজন কাঠ মিস্ত্ৰীৰ ৷ নিহত মিস্ত্ৰী গৰাকী চাপৰাকাটাৰ ২ নং নোৱাপাৰৰ থজেন ৰয় (৪৫) বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, আজি বিয়লি ডেৰ মান বজাত চহৰৰ ১ নং ৱাৰ্ডত থকা ৰত্নাৱলী হাইটচ নামৰ এপাৰ্মেণ্টত কাম কৰি থকা অৱস্থাত বিদ্যুতৰ তাঁৰত লাগি থিতাতে নিহত হয়। ইপিনে জানিব পৰা মতে, বিগত চাৰি বছৰ ধৰি উক্ত এপাৰ্টমেণ্টত বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত বে-আইনীভাৱে চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷

ৰত্নাৱলী হাইটচ এপাৰ্টমেণ্টত বিদ্যুৎ বিভাগৰ পৰা এক কে ভি (1KW) বাণিজ্যিক সংযোগ লৈয়ে বৰ্তমানলৈ এপাৰ্টমেণ্টত ছটা পৰিয়ালক ফ্লেট বিক্ৰী কৰাৰ উপৰিও অসম প্ৰদূষন নিয়ন্ত্ৰন বোৰ্ড বিভাগৰ কাৰ্যালয়ক মুঠ ছটা ফ্লেট বিক্ৰী কৰি কাৰ্যালয় চলাই আহিছে ৷
আজি উক্ত এপাৰ্টমেণ্টত অঘটনটো সংঘটিত হোৱাৰ পিছতে এই বে আইনীভাৱে চলি থকা কাৰ্য পোহৰলৈ আহে ৷ বঙাইগাঁও বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ একংশ বিষয়া, কৰ্মচাৰীৰ লগত এপাৰ্টমেণ্টৰ মালিক বিকাশ দাশ তথা বিল্ডাৰৰ লগত গোপনে মিলি অবৈধ কাম তথা বে-আইনী ভাবে চলাই থকাত আজি উক্ত এপাৰ্টমেণ্টত থকা আৱাসী সকলে আৰক্ষীক এজাহাৰ দিয়াৰ কথা প্ৰকাশ কৰে। ফ্লেটত থকা আৱাসীসকলে অভিযোগ কৰি কয় যে আজিলৈ সম্পূৰ্ণ কৰি নিৰ্মাণ নকৰাকৈ আবাসীক ফ্লেট বিক্ৰী কৰি ধন লোৱাৰ পাছতো বিদ্যুতৰ কাম নকৰা, পানীৰ সঠিক ব্যৱস্থা নকৰা, লিফ্টৰ ব্যৱস্থা নকৰাৰ লগতে কোনো চিকিউৰিটীৰ ব্যৱস্থা নথকাৰ পাছতো আজিলৈ ফ্লেটৰ আবাসীক ফ্লেটৰ কাগজ পত্ৰ হস্তান্তৰ নকৰা বুলি অভিযোগ কৰে। আজি ঘটনাৰ পাছতে বঙাইগাঁও আৰক্ষীৰ লোক আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ ব্যৱস্থা কৰে।

Related Articles

Leave a Reply

Close