অসম

বহৰিত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলাৰ চেঙা সমষ্টিৰ প্ৰাণকেন্দ্ৰ বহৰিত আজি চেঙা সমষ্টি অগপ সমিতিৰ উদ্যোগত ৩৩ সংখ্যক অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা দলটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা ৮.৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে অগপৰ জ্যেষ্ঠ নেতা শিৱনাথ ডেকাই।

ইয়াৰ পিছতেই অসম গণ পৰিষদৰ পতাকা উত্তোলন কৰে অগপৰ জ্যেষ্ঠ নেতা গণেশ চন্দ্ৰ তালুকদাৰে। প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অগপৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি ৰবিউল হুছেইন। মুখ্য অতিথিৰ ভাষণৰ আৰম্ভণিতে অগপৰ প্ৰয়াত নেতাসকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰবিউল হুছেইনে ধৰ্মীয় মেৰুকৰণেৰে অসমত ৰাজনীতি সম্ভৱ নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

এ আই ইউ ডি এফে অসমত ধৰ্মীয় মেৰুবিভাজনেৰে অসমখনক খণ্ড -বিখণ্ড কৰিবলৈ চেষ্টা কৰিছিল বুলি কৈ এতিয়া আকৌ ভাৰতীয় জনতা পাৰ্টিয়ে অসমত ধৰ্মীয় ৰাজনীতি কৰি সাতামপুৰুষীয়া শংকৰ-আজানৰ সমন্বয়ক দ্বিখণ্ডিত কৰিব খুজিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

উল্লেখনীয় যে, কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টিটোত পুনৰ অগপ দলে শক্তিশালীৰূপ ল’বলৈ ধৰা পৰিলক্ষিত হৈছে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কেইবাগৰাকী অগপৰ নেতা- কৰ্মী আৰু বহু সংখ্যক সমৰ্থক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close