অসম

বান বিধ্বস্ত ৰূপহীমুখত যুৱ পৰিষদৰ শ্ৰমদান, নদীৰ সোঁত প্ৰতিৰোধী স্থল পদ্ম ৰোপণ

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ বান বিধ্বস্ত ৰূপহীমুখত আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ দিখৌমুখ আঞ্চলিক সমিতিয়ে এক শ্ৰমদান কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠনটোৰ কৰ্মী সকলে যোৱা প্ৰায় তিনিবছৰ পূৰ্বে ব্ৰক্ষ্মপুত্ৰই ছিঙি নিয়া ৰূপহীমুখ- দিখৌমুখ সংযোগী পথৰ বৃহৎ ছিগা অংশত নদীৰ সোঁত প্ৰতিৰোধ কৰিব পৰা স্থানীয় স্থল পদ্ম নামৰ গছবিধৰ ডাল ৰোপন কৰে৷

স্মৰ্তব্য যে, গুল্ম জাতীয় স্থল পদ্ম নামৰ গছ জোপা যিকোনো পৰিবেশতে অতি সোনকালে জী উঠে৷ সমান্তৰালভাৱে অতি কম সময়তে জোপোহা হৈ পৰা গছ জোপাই তীব্ৰ সোঁত প্ৰতিৰোধ কৰা লগতে বহু দলৈকে বিস্তাৰিত ইয়াৰ শিপাবোৰে খহনীয়া ৰোধতো সহায় কৰে৷ প্ৰায় পাঁচশ মিটাৰ ছিগা অংশত তিনি চাৰি লাইনকৈ ৰোপণ কৰা উক্ত স্থল পদ্ম গছ জোপাই নদীখনৰ সোঁত কিছু পৰিমানে প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ কৃষি পথাৰ সমুহত বালি পৰা বন্ধ হ’ব বুলি স্থানীয় ৰাইজে আশা কৰিছে৷

আজিৰ এই শ্ৰমদান কাৰ্যসূচীত গৌৰীসাগৰ আঞ্চলিক পঞ্চায়তৰ সদস্য গণেশ শইকীয়া, অগপৰ গৌৰীসাগৰ ব্লক সমিতিৰ সম্পাদক যদুমণি গোস্বামী, দিখৌমুখ আঞ্চলিক অগপ সভাপতি প্ৰফুল্ল নেওগ, যুৱ পৰিষদৰ সম্পাদক ৰাতুল খাউণ্ডকে ধৰি বহু জ্যেষ্ঠ-কণিষ্ঠ অগপ কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷ স্মৰ্তব্য যে বিগত বানে সংশ্লিষ্ট অঞ্চলটো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰাৰ লগতে যাতায়াতৰ একমাত্ৰ পথটোও নিচিহ্নপ্ৰায় কৰি তুলিছিল৷

Related Articles

Leave a Reply

Close